ডুমডুমা, 18 ফেব্ৰুৱাৰী: অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল আৰু ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডুমডুমাত আছু (সদৌ অসম ছাত্ৰ সন্থা) ৱে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ আছুৰ কৰ্মী সকলে ডুমডুমাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে যোগান মন্ত্ৰী গৰাকীৰো পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ মূলতঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে পেট্ৰল আৰু ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰা এই প্ৰতিবাদত বিজেপি চৰকাৰৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী সকলৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি প্ৰতিবাদকাৰী সকলে পৰিৱেশ উত্তাল কৰি তোলে ৷
সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, ফণীভূষণ চৌধুৰী মুৰ্দাবাদ, বিজেপি গ' বেক্, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰী সকলে বৃহস্পতিবাৰে ডুমডুমাৰ পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক: ডুমডুমাত বিধায়ক দুৰ্গা ভূমিজৰ চেক বিতৰণ