তিনিচুকীয়া, ২৬ আগষ্ট: শদিয়া সমষ্টিৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১১৫ নং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ধলা গাঁৱত আজি পাম অইলৰ ( তৈল খেজুৰ) খেতিৰ বিৰুদ্ধে অসম ৰাজ্যিক কৃষক সভা আৰু অসম ৰাজ্যিক কৃষি শ্ৰমিক ইউনিয়নৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কমিটীয়ে অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে । ৮ আগষ্টত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোগগুৰু ৰামদেৱক লগত লৈ ছৈখোৱাৰ লাওপানী গাঁৱত তৈল খেজুৰৰ খেতি ৰোপণৰ শুভাৰম্ভ কৰে । সমগ্ৰ ৰাজ্য়ত তৈল খেজুৰ গছ ৰোপণৰ বিৰোধিতা কৰি অসম ৰাজ্যিক কৃষক সভা আৰু অসম ৰাজ্যিক কৃষি শ্ৰমিক ইউনিয়নৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা কমিটীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
জাতি-মাটি-ভেঁটিৰ কথা কোৱা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যদি পুঁজিপতি যোগগুৰু ৰামদেৱ আৰু আদানীৰ দৰে ৪ টা ব্যক্তিগত কোম্পানীক লাখ লাখ হেক্টৰ মাটি দিব পাৰে সেই মাটি পুঁজিপতি সকলক নিদি বানপীড়িত লোকসকলক দিব লাগে বুলি দাবী জনাই অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি অৰুণ বড়াই । তেওঁ কয় যে পাম অইলৰ খেতিৰে কৃষি প্ৰধান অসমৰ জল,স্থল, প্ৰকৃতি আৰু জীৱকুলৰ প্ৰতি ভায়াবহ বিপদ সৃষ্টি কৰিব । অসমৰ খেতি মাটিত মৰুভূমি সদৃশ পৰিবেশ সৃষ্টি কৰিব বুলিও অসম ৰাজ্যিক কৃষক সভাৰ সভাপতিজনে মন্তব্য় কৰে ।
প্ৰতিবাদকাৰীসকলে কয় যে পাম কৃষিৰ ভয়াৱহতা সম্পৰ্কে ইতিমধ্যে বহু তথ্য প্ৰকাশিত হৈছে ৷ তেওঁলোকে পুনৰ কয় যে ভয়াৱহ পৰিস্থিতিৰ বাবে শ্ৰীলংকা, ইণ্ডোনেছিয়াই পাম খেতিত নিষেধাজ্ঞা জাৰী কৰিছে ৷ আন্দামান-নিকোবৰত নতুন পুলি ৰোপণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে বাধা আৰোপ কৰিছে বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে কয় যে মিজোৰামৰ ডাম্পা ব্যাঘ্ৰ প্ৰকল্প ক্ষতিগ্ৰস্ত হৈছে ৷ পাম খেতিয়ে ৰাজ্যৰ কৃষকক কোনো ধৰণৰ সহায় নকৰে আৰু ৰাজ্যৰ অৰ্থনীতিতো কোনো অৰিহণা নোযোগায় বুলি তেওঁলোকে মন্তব্য় কৰে ।
লগতে পঢ়ক:Palm oil plantation in Assam: তৈল পাম কৃষিৰ বিৰোধিতাৰে ধৰ্ণা কৃষক সংগঠনৰ