ETV Bharat / state

উপযুক্ত ক্ষতিপূৰণৰ দাবীত আমৰণ অনশন নতুন ৰঙাগড়াবাসী ৰাইজৰ - বাঘজান

ধাৰাবাহিকভাৱে প্ৰতিবাদ আৰু সংগ্ৰাম কৰাৰ পাচতো উপযুক্ত ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ বাঘজানবাসী ৰাইজৰ । উপায়ন্তৰ হৈ শুকুৰবাৰৰ পৰা বাঘজানৰ ৰাইজে উপযুক্ত ক্ষতিপূৰণ বিচাৰি পুনৰ আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে নতুন ৰঙাগড়াবাসী ৰাইজে ৷

protest against oil india limited at baghjan
উপযুক্ত ক্ষতিপূৰণৰ দাবীত আমৰণ অনশন নতুন ৰঙাগড়াবাসী ৰাইজৰ
author img

By

Published : Dec 13, 2020, 7:08 PM IST

তিনিচুকীয়া, 13 ডিচেম্বৰ: ধাৰাবাহিক প্ৰতিবাদ আৰু সংগ্ৰাম কৰাৰ পাচতো বাঘজানবাসী ৰাইজে উপযুক্ত ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম নহ'ল ৷ প্ৰায় 7 মাহৰ অন্তত যোৱা ১৫ নৱেম্বৰত সুদূৰ কানাডাৰ পৰা অহা বিশেজ্ঞৰ দলে স্নাভিং ইউনিট যন্ত্ৰৰ সহায়ত বাঘজানৰ অভিশপ্ত জুইকুৰা নুমুবাৱলৈ সক্ষম হৈছিল । কিন্তু চৰকাৰ আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষই আজিও সক্ষম নহ'ল বাঘজানবাসীৰ মনৰ জুইকুৰা নুমুৱাবলৈ । পুনৰ উপযুক্ত ক্ষতিপূৰণ বিচাৰি ১০ ডিচেম্বৰৰ পৰা তিনি ধৰি আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে নতুন ৰঙাগড়াবাসী ৰাইজে ৷

protest against oil india limited at baghjan
উপযুক্ত ক্ষতিপূৰণৰ দাবীত আমৰণ অনশন নতুন ৰঙাগড়াবাসী ৰাইজৰ

২৭ মে' তাৰিখে বাঘজান BGR-৫ নং তৈলখাদত সংঘটিত ঘটনাৰ পাছতে যথেষ্ঠ প্ৰভাৱ পৰিছিল বাঘজানৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত ৷ ভূ-কম্পন আৰু তীব্ৰ শব্দৰ মাজেৰে প্ৰায় 7 মাহ ধৰি দিন পাৰ কৰিবলগীয়া হৈছিল বাঘজানৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহে। সপোনৰ ঘৰখন জুইত জাহ যোৱাৰ পাচত এক প্ৰকাৰ দিকবিদিক হেৰুৱাই পেলাইছিল বাঘজানবাসী ৰাইজে ৷ মাগুৰি আৰু ডিব্ৰু নদীত মাছ চিকাৰ কৰি জীৱিকা নিৰ্বাহ কৰি পৰিয়াল পোহপোল দিয়া লোকৰ সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা ৷

কিন্তু ইমানৰ পাচতো কোনো গুৰুত্ব নাই চৰকাৰ তথা অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ ৷ অইল ইণ্ডিয়া কৰ্তৃপক্ষই বাঘজানবাসী ৰাইজক আগধন নোপোৱা পৰ্যন্ত ভাড়াঘৰৰ বাবদ প্ৰতিটো পৰিয়ালক ৫০ হাজাৰকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও মাত্ৰ এবাৰেই ৫০ হাজাৰ টকা দি দায়িত্ব সামৰাৰ অভিযোগ উঠিছে ৷ তাৰ পাচৰে পৰা ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আহিছে ৰঙাগড়াবাসী ৰাইজে ৷

লগতে পঢ়ক: আৰক্ষীৰ বিৰুদ্ধে কৰ্তব্যৰত সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.