ETV Bharat / state

অইল ইণ্ডিয়াৰ কৰ্মৰত ঠিকাভিত্তিক গাড়ীচালকৰ মৃত্যুৰ খতিপূৰণ বিচাৰি প্ৰতিবাদ - চিকিৎসকে চিকিৎসা প্ৰদান

বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষতিপূৰণৰ দাবীত হোৱা প্ৰতিবাদত,কৰ্মৰত অইলৰ ঠিকাভিত্তিক গাড়ীচালক নৰেন্দ্ৰ ছেত্ৰীৰ মৃত্যু হোৱাত ডিগবৈ অইলৰ মুখ্য প্ৰৱেশদ্বাৰ সন্মুখত মৃতদেহ লৈ ক্ষতিপূৰণ আৰু সংস্থাপনৰ দাবীত প্ৰতিবাদ ৷

অইল ইণ্ডিয়াৰ কৰ্মৰত ঠিকাভিত্তিক গাড়ীচালকৰ মৃত্যুৰ খতিপূৰণ বিছাৰি প্ৰতিবাদ

author img

By

Published : Dec 10, 2020, 7:17 PM IST

তিনিচুকীয়া, 10 ডিচেম্বৰ : তিনিচুকীয়াৰ বাঘজান বিজি আৰ ৫ নং অইল কোপত, অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল ৷ অইল কুপতোৰ কাষৰীয়া ক্ষতিগ্ৰস্ত ৰাইজৰ কৃষিভূমিকে আদি কৰি বিভিন্ন সা-সম্পত্তি অগ্নিত জাহ যোৱাত, অইল কৰ্তৃপক্ষৰ তৰফৰ পৰা আজি পৰ্যন্ত কোনো ধৰণৰ ক্ষতিপূৰণ নিদিয়াৰ বাবে, ক্ষতিগ্ৰস্ত ৰাইজে ক্ষতিপূৰণৰ বিচাৰি অইল কৃৰ্তপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

সেই সময়তে ৮ ডিচেম্বত বাঘজানত হোৱা প্ৰতিবাদত আৰক্ষী প্ৰশাসন আৰু ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত হোৱা হতাহতিত ক্ষতিগ্ৰস্ত ৰাইজৰ দ্বাৰা শিলাবৰ্ষণ কৰাত আৰক্ষী প্ৰশাসনে শূন্য লৈ কৰা গুলীচালনা আৰু লাঠিচাৰ্জত অইল ইণ্ডিয়াৰ কৰ্মৰত ঠিকাভিত্তিক গাড়ীচালক নৰেন্দ্ৰ ছেত্ৰীৰ হঠাৎ উচ্চ ৰক্তচাপ হৈ পৰি যায় ৷ নৰেন্দ্ৰ ছেত্ৰীক প্ৰথমে চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ অনাৰ পাচতে স্বাস্থ্য অধিক অৱনতি হোৱাত ডিব্ৰুগড় সঞ্জীৱনী নাচিং হোমলৈ অনাৰ পাছতে নৰেন্দ্ৰ ছেত্ৰীৰ পৰিয়ালৰ অৰ্থিক অৱস্থা শোচনীয় হৈ পৰে ।

ফলত চিকিৎসকে চিকিৎসা প্ৰদান কৰাৰ পৰা বিৰত থকাত ডিগবৈ লৈ জীৱিত অৱস্থাত লৈ আনি অইল কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত, মটৰছ ইউনিয়নৰ তৰফৰ পৰা সমূহ কাম-কাজ বন্ধ কৰি দিয়াত,ডিগবৈ অইল কৰ্তৃপক্ষৰ তৰফৰ পৰা দুলীয়াজান অইললৈ এম্বুলেঞ্চ প্ৰদান কৰি দুলীয়াজান অইল চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছত পুনৰ ব্ৰহ্মপুত্ৰ নাৰ্চিং হোমলৈ নিয়ে যদিও যোৱা নিশা প্ৰায় ২:১৫ মান বজাত নৰেন্দ্ৰ ছেত্ৰীৰ মৃত্যু হয় ৷

অইল ইণ্ডিয়াৰ কৰ্মৰত ঠিকাভিত্তিক গাড়ীচালকৰ মৃত্যুৰ খতিপূৰণ বিছাৰি প্ৰতিবাদ

অইল কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত মৃত্যু হোৱা নৰেন্দ্ৰ ছেত্ৰীৰ মৃতদেহ মটৰছ ৱৰ্কাছ ইউনিয়নৰ উদ্যোগত, ৰাইজ আৰু গোৰ্খা ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত ডিগবৈ অইল ইণ্ডিয়াৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত মৃতদেহ লৈ ৫০ লাখ টকাৰ এককালিন আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ দাবী কৰাৰ লগতে নৰেন্দ্ৰ ছেত্ৰীৰ কণ-কণ তিনি শিশুৰ সম্পূৰ্ণ দায়িত্ব লোৱা আৰু পৰিয়ালৰ কোনো এজন উপযুক্ত ব্যক্তিক কৰ্মসংস্থাপন দিবলৈ দাবী জনায় ৷ যদিহে অইল কৰ্তৃপক্ষৰ উক্ত দাবী সমূহ পুৰণ কৰিবলৈ মান্তি নহয় তেন্তে মটৰ্চ ইউনিয়ন আৰু স্থানীয় দল সংগঠনে অনিদিষ্ট কাললৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি হুংকাৰ দিয়ে ৷

লগতে পঢ়কঃ জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.