ETV Bharat / state

কৰ’ণাৰ লগতে সামগ্ৰীৰ চৰা দামে জলা-কলা খুৱাইছে ৰাইজক

author img

By

Published : Apr 25, 2021, 8:10 PM IST

কৰ’ণাৰ দ্বিতীয়টো লহৰে সমগ্ৰ দেশৰ লগতে অসমতো ইতিমধ্যে বিভীষিকাৰ সৃষ্টি কৰিছে ৷ এই সময়তে প্ৰশাসনৰ কৰ’ণা কেন্দ্ৰিক তৎপৰতাৰ সুযোগ লৈ এচাম ব্য়ৱসায়ীয়ে বজাৰত অহেতুক মূল্যবৃদ্ধিৰ সৃষ্টি কৰি জুৰুলা কৰিছে ৰাইজক ৷

price-hike-in-tinsukia
কৰ’নাৰ লগতে ৰাজ্য়ত ত্ৰাসৰ সৃষ্টি কৰিছে বজাৰৰ চৰা দামে

তিনিচুকীয়া,25 এপ্ৰিল : দেশত সৰ্বত্ৰে অতিমাৰীৰ বিভীষিকাই ত্ৰাসিত কৰিছে জন জীৱন ৷ কৰ’ণাৰ দ্বিতীয়টো লহৰে দেশৰ আন প্ৰান্তৰ লগতে অসমতো পেলাইছে ব্যাপক প্ৰভাৱ ৷ স্বাভাৱিকতেই এতিয়া ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰশাসন ব্যস্ত হৈছে কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাত ৷ ৰাজ্যত ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নীতি-নিৰ্দেশনা জাৰী কৰিছে চৰকাৰে ৷ সন্ধিয়া 6 বজাৰ লগে লগেই সকলো দোকান পোহাৰ বন্ধ কৰাৰ বাবে নিৰ্দেশ দিছে প্ৰশাসনে ৷ তাৰ মাজতেই এচাম অসাধু ব্যৱসায়ীয়ে সুবিধা লৈছে জনতাৰ ওপৰত লুন্ঠন চলোৱাৰ ৷ এই সময়তে, ৰাজ্যৰ বাণিজ্যিক চহৰ তিনিচুকীয়াতো মূল্যবৃদ্ধিৰ জুইয়ে জুৰুলা কৰিছে সৰ্ব-সাধাৰণ ৰাইজক । জানিব পৰা মতে, একাংশ ব্যৱসায়ীয়ে হঠাতে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি সাধাৰণ জনতাক সোধাইছে মাধমাৰ ৷

উল্লেখযোগ্য যে, ইতিমধ্যেই নিত্য ব্যৱহাৰ্য সামগ্ৰী যেনে দাইল, মিঠাতেল , চেনী ,আলু, পিঁয়াজ আদিৰ চৰা দামে গ্ৰাহকৰ চকু কপালত তুলিছে । তিনিচুকীয়াত একাংশ অসাধু ব্যৱসায়ীয়ে নিশাৰ ভিতৰত আলুৰ প্ৰতি কুইন্টলৰ দাম ২৫০ ৰ পৰা ৩০০ টকা, মচুৰ দাইল প্ৰতি কুইন্টলত ৮০০ ৰপৰা ১০০০ টকা, মিঠাতেল প্ৰতি লিটাৰত ১৫ টকা, চেনি প্ৰতি কুইন্টলত ২০০ টকা , পিঁয়াজ প্ৰতি কুইন্টলত ৪০০ৰ পৰা ৫০০ টকা পৰ্যন্ত বৃদ্ধি কৰিছে ‌।

ইফালে, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পান মচলাৰ তথা গুটখা জাতীয় সামগ্ৰীৰ দামো বজাৰত প্ৰতি পেকেটত ৫০ৰ পৰা ৭০ টকা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে । ২০ ৰ পৰা ৫০ টকাকৈ বৃদ্ধি কৰিছে পান মচলাৰ প্ৰতিটো পেকেটৰ দাম । এইদৰে এতিয়া, এচাম অসাধু ব্যৱসায়ীয়ে হঠাতে সামগ্ৰীৰ দাম বৃদ্ধি কৰি সাধাৰণ ৰাইজৰ মূৰত ৰাম টাঙোন মৰা কাৰ্যক সহজভাৱে ল’ব পৰা নাই তিনিচুকীয়াবাসী ৰাইজে । অৱশ্যে, এই সকলক ব্যৱসায়ীক দমন কৰিবলৈ তিনিচুকীয়াৰ আৰক্ষী প্ৰশাসন সক্ষম হ'বনে নে নহয়, নে ব্যৱসায়ী সকলে নিজৰ মৰ্জি মতে সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি গৈ থাকিব পৰৱৰ্তী সময়ত এয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক :ধেমাজিৰ বিদ্যুতৰ মুখলৈ হাঁহি আনিছে তৰমুজৰ খেতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.