শদিয়া,14 ছেপ্তেম্বৰ: বিতৰ্কিত মন্তব্যৰে পুনৰ চৰ্চাত আহিছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ বৰদলৈয়ে কিছদিন পূৰ্বে বুঢ়ীদিহিং মৌজাত বিগত চাৰে চাৰি বছৰত উন্নয়নৰ নামত ফুটাকড়ি এটাও হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছিল ৷ এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে মাৰ্ঘেৰিটা বিজেপিৰ নেতৃবৰ্গ ৷ সোমবাৰে সমষ্টিটোৰ বুঢ়ীদিহিং মণ্ডলৰ সভাপতি ভাদেশ্বৰ মৰাণে শতাধিক বিজেপি কৰ্মীক লগত লৈ কৈলাশপুৰ পঞ্চায়তত সম্বোধন কৰে এক সংবাদমেল ৷
সাংসদ বৰদলৈয়ে বুঢ়ীদিহিং মৌজাত স্বাধীনতাৰ 74 বছৰ অতিক্ৰম কৰাৰ পিছতো বাট-পথৰ পকীকৰণ নোহোৱা বুলি মন্তব্য কৰিছিল ৷ ইয়াৰ বিপৰীতে সমষ্টিটোত সৰু-বৰ প্ৰায় ২০০ টা পথ পকীকৰণ হোৱা বুলি বিজেপি নেতাগৰাকীয়ে উল্লেখ কৰে ৷ লগতে সাংসদ বৰদলৈক নিজে আহি বুঢ়ীদিহিঙৰ বৰ্তমানৰ উন্নয়নৰ ছবিখন চাই যাবলৈ প্ৰত্যাহ্বান জনায় ৷
লগতে চাওকঃ প্ৰমোদ বড়োৱে এনডিএফবিৰ 34 বছৰীয়া ত্যাগক বিনষ্ট কৰিছে: ধীৰেণ বড়ো