ETV Bharat / state

কাকপথাৰত কলিতা জনগোষ্ঠীৰ সংবাদমেল - স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰ

2021ৰ ভিতৰত সংগঠনটোৰ দাবী সমূহ পূৰণ নকৰিলে বিজেপিক এসেকা দিয়াৰ সংকল্প জনগোষ্ঠীটোৰ ৷ সংগঠনটোৰ দাবী সম্বলিত এখনি স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে সংগঠনটোৱে ৷

কাকপথাৰত কলিতা জনগোষ্ঠীৰ সংবাদমেল
কাকপথাৰত কলিতা জনগোষ্ঠীৰ সংবাদমেল
author img

By

Published : Aug 13, 2020, 9:50 PM IST

শদিয়া, 13 আগষ্টঃ বৃহস্পতিবাৰে কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদে কাকপথাৰত সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে ৷

কলিতা জনগোষ্ঠীক জনজাতিকৰণ কৰা, খিলঞ্জীয়া অসমীয়া সকলৰ অস্বিত্ব ৰক্ষা কৰা, প্ৰাগজ্যোতিষপুৰ নামেৰে স্বায়ত্ব শাসিত পৰিষদ ঘোষণা কৰা, প্ৰতিখন সদনতে কলিতাৰ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা, উন্নয়ন পৰিষদ ঘোষণা কৰা, কলিতা জনগোষ্ঠীৰ লোকৰ ভূমি অধিকাৰ সুৰক্ষিত কৰা, প্ৰতিখন জিলাতে ভগদত্ত ভৱন নিৰ্মাণ কৰাকে ধৰি 12টা দাবী সমাধানৰ বাবে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে বুলি সংবাদমেলত অৱগত কৰে সংগঠনটোৱে ৷ লগতে অহা ১৫আগষ্টত কলিতা জনগোষ্ঠীৰ বাবে ৰাজ্য চৰকাৰে বিশেষ কোনো দাবী পূৰণ নকৰিলে আগষ্ট মাহৰ শেষৰ পৰা সমগ্ৰ অসমতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷

কাকপথাৰত কলিতা জনগোষ্ঠীৰ সংবাদমেল

সমান্তৰালভাবে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে সমাগত 2021ৰ বিধানসভা নিৰ্বাচনৰ আগত জনগোষ্ঠীটোৰ উন্নয়ণৰ হকে বিশেষ কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে সমষ্টিয়ে-সমষ্টিয়ে বিজেপি বিৰোধী স্থিতি লোৱা হ'ব বুলি সংবাদ মেলত জানিবলৈ দিয়ে সংগঠনটোৰ নেতৃত্বই ৷ সংবাদমেলত কলিতা জনগোষ্ঠী সন্মিলন, কলিতা মহিলা পৰিষদ, কলিতা যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়কঃ এবছৰ সম্পূৰ্ণ নহওতেই বানত উটি গ'ল কোটি টকীয়া জিঅ' বেগৰ মথাউৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.