তিনিচুকীয়া, ২ ছেপ্টেম্বৰ: ১ ছেপ্টেম্বৰ অৰ্থাৎ বুধবাৰৰ পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পোষণ মাহ । সমান্তৰালকৈ ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে মাত্রু বন্দনা সপ্তাহ । ৭ ছেপ্টেম্বৰলৈকে মাত্রু বন্দনা সপ্তাহ পালন কৰিব দেশবাসীয়ে । দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হৈছে । বুধবাৰে তিনিচুকীয়াত ৰাষ্ট্ৰীয় পোষণ মাহৰ উদ্ধোধনী অনুষ্ঠান আয়োজন কৰা হয় ।
সুৰক্ষিত জননী বিকশিত ধৰণীৰ উদ্দেশ্য আগত লৈ তিনিচুকীয়া জিলাৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলাৰ ২ নং গেলাপুখুৰীস্থিত অংগনবাড়ী কেন্দ্ৰত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে এক অনুষ্ঠান আয়োজন কৰা হয় । তিনিচুকীয়া জিলাৰ উপাযুক্ত পাৱাৰ নৰছিং সম্ভাজিয়ে বন্তি প্ৰজ্বলন কৰি, কেক কাটি পোষণ মাহৰ শুভ উদ্ধোধন কৰে । জিলা উপায়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনায় যে, গৰ্ভৱতী মহিলা আৰু কণ কণ শিশুসকলে যাতে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি পোষণ মাহত সজাগতা অনুষ্ঠানৰ আয়োজন কৰি এখন সুস্থ সমাজ গঢ় দিয়াৰ বাবে চেষ্টা কৰিব ।
লগতে শাৰীৰিক, মানসিকভাৱে শক্তিশালী কৰি তোলাত পুষ্টিকৰ খাদ্যৰ প্ৰয়োজনীয়তা আছে বুলি তেওঁ মন্তব্য কৰে ।
ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি শৰীৰৰ বাবে ভিটামিন, প্ৰটিন, আইৰণৰ প্ৰয়োজনীয়তাৰ বিষয়ে মানুহক অৱগত কৰি সজাগ কৰাৰ প্ৰয়াস কৰা হয় । উক্ত অনুষ্ঠানটিত জিলা উপায়ুক্তৰ লগতে জিলা পৰিষদৰ সভাপতি, অতিৰিক্ত উপায়ুক্ত, জিলা সমাজ কল্যাণ বিষয়া, কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী, চাবুৱা বিধায়কৰ প্ৰতিনিধি উপস্থিত থাকে । লগতে জিলাখনৰ বহু কেইগৰাকী গণ্য-মান্য ব্যক্তিও উপস্থিত থাকে অনুষ্ঠানটিত ।
লগতে পঢ়ক:ভ্ৰাম্যমান থিয়েটাৰৰ আখৰাৰ অনুমতিক লৈ কি ক’লে বৰষাৰাণীয়ে ?