কাকপথাৰ, 6 ছেপ্তেম্বৰ: দেওবাৰে কাকপথাৰত COVID প্ৰট'কল উলংঘা কৰা লোক সকলৰ বিৰুদ্ধে সৰৱ আৰক্ষী ৷ কাকপথাৰ আৰক্ষী থানাৰ সন্মুখত চলোৱা এক তালাচী অভিযানত দেওবাৰে আৰক্ষীয়ে মাস্ক পৰিধান নকৰা লোক সকলৰ পৰা সংগ্ৰহ কৰে 500 টকাকৈ জৰিমণা ৷ মাত্ৰ এঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে 20 হাজাৰ টকা সংগ্ৰহ কৰে এই অভিযানত ৷ আনহাতে COVID প্ৰট'কল উলংঘা কৰা লোকৰ বিৰুদ্ধে আৰক্ষীৰ এনে অভিযান অব্যাহত থাকিব বুলি সংবাদ মাধ্যমযোগে জানিবলৈ দিয়ে কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজ দাসে ৷ লগতে এই ক্ষেত্ৰত সকলো ৰাইজকে সজাগতা অবলম্বন কৰিবলৈয়ো আহ্বান জনায় আৰক্ষী বিষয়া গৰাকীয়ে ৷
লগতে পঢ়ক: ডিব্ৰুগড় আৰক্ষীৰ জালত শিশু নিৰ্যাতনৰ অভিযুক্ত দম্পতী