ETV Bharat / state

Lali Gur Racket Busted: তিনিচুকীয়া আৰক্ষীয়ে জব্দ কৰিলে বুজন পৰিমানৰ নিষিদ্ধ লালিগুৰ - Lali Gur Racket Busted

তিনিচুকীয়াত বৃহৎ পৰিমাণৰ নিষিদ্ধ লালিগুড় মজুত (Lali Gur Racket Busted) । চকুমুদা কুলিৰ ভাওত তিনিচুকীয়া জিলা প্ৰশাসনকে ধৰি খাদ্য সুৰক্ষা বিভাগ । চহৰখনত কাৰ ছত্ৰ-ছায়াত অসাধু চক্ৰই চলাই আহিছে নিষিদ্ধ লালিগুৰৰ ৰমৰমীয়া বেহা ?

police-seized-large-amount-of-lali-gur-from-godown-in-tinsukia
তিনিচুকীয়া আৰক্ষীয়ে জব্দ কৰিলে বুজন পৰিমানৰ নিষিদ্ধ লালিগুৰ
author img

By

Published : Jan 26, 2022, 10:49 PM IST

Updated : Jan 26, 2022, 10:58 PM IST

তিনিচুকীয়া, 26জানুৱাৰী: সমগ্ৰ দেশৰ লগতে ৰাজ্যত ৭৩ তম গণৰাজ্য দিৱসৰ উৎসাহ-উদ্দিপনা ৷ ইয়াৰ সুযোগ লৈ বাণিজ্য চহৰ তিনিচুকীয়া চাইডিং বজাৰত একাংশ আসাধু ব্যৱসায়ীয়ে নিষিদ্ধ লালিগুড়ৰ ৰমৰমীয়া বেহাখন চলাই গৈছে ৷ এই লৈ চহৰখনৰ সচেতন মহলত উত্থাপন হৈছে বিভিন্ন ধৰণৰ প্ৰশ্নৰ ।

তাৎপৰ্যপূৰ্ণ বিষয় যে বৰবিহ ৰূপে পৰিগণিত হোৱা লালিগুৰৰ কাৰণে পূৰ্বে ৰাজ্যৰ বিভিন্ন ঠাইত বহু লোকৰ মৃত্যুৰ বাতৰিয়ে শিৰোনাম দখল কৰি আহিছে । তাৰ ফলশ্ৰুতিত জিলা প্ৰশাসন সমূহে লালিগুৰৰ কিনা বেচা আৰু মজুত ৰখাক লৈ নিষেধাজ্ঞা জাৰি কৰিছিল । কিন্তু আশ্চৰ্যকৰ বিষয় যে প্ৰশাসনৰ নিষেধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাই তিনিচুকীয়াৰ জনৈক উমা শংকৰ নামৰ ব্যৱসায়ী এজনে নিৰ্ভীকমনে চলাই আছিল লালিগুৰৰ ৰমৰমীয়া বেহা(Lali Gur Racket Busted) ।

তিনিচুকীয়া আৰক্ষীয়ে জব্দ কৰিলে বুজন পৰিমানৰ নিষিদ্ধ লালিগুৰ

উল্লেখখনীয় বিষয় যে, তিনিচুকীয়া চহৰখনত নিষিদ্ধ লালিগুৰৰ অবৈধ ভাৱে কিনা-বেচা কৰাত মেনেজ মাষ্টাৰ ৰূপে জনজাত এইজন ব্যৱসায়ী জনৈক উমা শংকৰ ।

ইয়াৰ পূৰ্বেও জৈনক উমা শংকৰ নামৰ ব্যৱসায়ীজনে বহুবাৰ লালিগুৰৰ কিনা বেচা আৰু মজুত ৰখাক লৈ আইনৰ দ্বাৰস্থ হ’ব লগা হৈছিল যদিও,আইনৰ সুৰুঙাৰে পুনৰ বৰবিহ ৰূপী লালিগুৰৰ ৰমৰমীয়া বেহা দীৰ্ঘ দিন ধৰি চলাই আহিছিল(Police seized large amount of lali gur from godown in Tinsukia) ।আজি পুনৰ এইজন ব্যৱসায়ীৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ পৰা প্ৰায় ১৫০ টিনতকৈ অধিক নিষিদ্ধ লালিগুৰ তিনিচুকীয়া আৰক্ষীয়ে জব্দ কৰাৰ লগতে ব্যৱসায় প্ৰতিষ্ঠানটোত তলা লগাই দিয়ে ।

এইজন লালিগুড়ৰ মাফিয়া ৰূপী জনৈক উমা শংকৰৰ বিৰুদ্ধে জিলা প্ৰসাশনে পূৰ্বে বিহিত ব্যৱস্থা গ্ৰহণ কৰি ব্যৱসায়ীজনক কিয় নাকি লগাবলৈ সক্ষম হোৱা নাছিল ? লগতে চহৰখনৰ মাজ-মজিয়াত কাৰ ছত্ৰ-ছায়াত নিষিদ্ধ লালিগুৰৰ ৰমৰমীয়া বেহা চলাই আহিছিল ? নে সকলো মেনেজৰ অংকতে সমিলমিল হৈ আছিল ? তাকে লৈ এতিয়া সচেতন মহলত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে ৷

লগতে পঢ়ক : ডিব্ৰুগড়ৰ বৰবৰুৱাত জব্দ লালিগুড়

Last Updated : Jan 26, 2022, 10:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.