ETV Bharat / state

ফিল'বাৰীত আৰক্ষী-আবকাৰী বিভাগৰ চুলাই মদ বিৰোধী অভিযান - তিনিচুকীয়া জিলা

অভিযানকালত গাওঁখনৰ 30 ঘৰত প্ৰায় ২২ হাজাৰ লিটাৰ চুলাই মদৰ উপৰিও চুলাই প্ৰস্তুত কৰা সা-সামগ্ৰী অভিযানকাৰী দলটোৱে ধ্বংস কৰে । ইফালে, অভিযানকাৰী দলটোৰ সৈতে স্থানীয় একাংশ মহিলাৰ বাক-বিতণ্ডা হোৱা পৰিলক্ষিত হয় ।

অবৈধ চুলাই-মদৰ বিৰুদ্ধে ফিল'বাৰীত আৰক্ষী-আবকাৰী বিভাগৰ অভিযান

author img

By

Published : Jun 27, 2021, 2:22 PM IST

ডুমডুমা, 27 জুন: তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাজগাঁৱত দেওবাৰে আৰক্ষী আৰু আবকাৰী বিভাগে অবৈধ তথা মাৰাত্মক চুলাই মদৰ বিৰুদ্ধে এক অভিযান চলায় । ডুমডুমা আৰু ফিল'বাৰী আৰক্ষীৰ সহযোগত CRPF ৰ বিশাল বাহিনীক লগত লৈ গাঁওখনত আবকাৰী বিভাগে চলোৱা অভিযানত কেইবাহাজাৰ লিটাৰ চুলাই মদ ধ্বংস কৰে ।

অবৈধ চুলাই মদৰ বিৰুদ্ধে ফিল'বাৰীত আৰক্ষী-আবকাৰী বিভাগৰ অভিযান

উল্লেখযোগ্য যে, ফিল'বাৰীৰ মাজগাঁৱৰ পৰা তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চললৈ এই অবৈধ চুলাই মদৰ ৰমৰমীয়া বেহা চলি থকাৰ গুৰুতৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে । এই অভিযোগৰ ভিত্তিতেই শনিবাৰে ডুমডুমা আৰু ফিল'বাৰী আৰক্ষী থানাৰ লগতে ডুমডুমা আবকাৰী বিভাগৰ নেতৃত্বত মাজগাঁৱত মাৰাত্মক অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান চলোৱা হয় ।

অভিযানকালত গাওঁখনৰ 30 ঘৰত প্ৰায় ২২ হাজাৰ লিটাৰ চুলাই মদৰ উপৰিও চুলাই প্ৰস্তুত কৰা সা-সামগ্ৰী অভিযানকাৰী দলটোৱে ধ্বংস কৰে । ইফালে, অভিযানকাৰী দলটোৰ সৈতে স্থানীয় একাংশ মহিলাৰ বাক-বিতণ্ডা হোৱা পৰিলক্ষিত হয় । উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছমুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যত তৎপৰ হৈছে আৰক্ষী ৷

প্ৰতিদিনে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী আৰক্ষীৰ কবলত পৰিছে ৷ এই ক্ষেত্ৰত আৰক্ষীৰ লগতে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে সজাগ হৈ উঠিছে সাধাৰণ জনতাও ৷ অসমৰ পৰা সম্পূৰ্ণৰূপে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী (ASSAM POLICE) ৷

শেহতীয়াভাৱে গঠিত চৰকাৰখনে শাসনভাৰ লোৱাৰ পাচত ব্যাপক ৰদবদল কৰিছিল প্ৰশাসনিক বিভাগত ৷ তেতিয়াৰে পৰা ৰাজ্যৰ জিলাসমূহত অপৰাধ তথা অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অধিক তৎপৰ হৈছে জিলা আৰক্ষী তথা প্ৰশাসন ৷

লগতে পঢ়কঃ মৰিগাঁৱৰ শিশু ধৰ্ষণ-হত্যাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.