ETV Bharat / state

মাকুমত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান - তিনিচুকীয়াৰ

তিনিচুকীয়াৰ মাকুমত শুকুৰবাৰে আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীৰ জালত পৰে চাৰিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী । অভিযানত কিছু হিৰ’ইন,ক’কেইনসহ নগদ ১ লাখ ৯৯ হাজাৰ টকা আৰু বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ৷

মাকুমত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
মাকুমত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
author img

By

Published : Jan 8, 2021, 7:59 PM IST

তিনিচুকীয়া,৮ জানুৱাৰী : অসমত বিভিন্ন সময়ত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে । কিন্তু তাৰ মাজতে একাংশ দুষ্টচক্ৰই চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । এইবাৰ ড্ৰাগছ বিৰোধী অভিযান চলালে তিনিচুকীয়া আৰক্ষীয়ে। তিনিচুকীয়াৰ মাকুমত শুকুৰবাৰে আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীৰ জালত পৰে চাৰিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী ।

মাকুমত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
মাকুমত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

আটকাধীন সৰবৰাহকাৰী কেইজন হ’ল ধনজ্যোতি ডাঙৰীয়া,দখন্ত দুৱৰা,বিদুবন বৰুৱা আৰু দিপক বৰা । আটাইকেইজনৰ পৰা কিছু হেৰ’ইন,ক’কেইনসহ ১ লাখ ৯৯ হাজাৰ টকা আৰু বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ৷

উল্লেখ যে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা ধৃত লোককেইজনৰ বিৰুদ্ধে ড্ৰাগছ বিক্ৰীৰ অভিযোগ উঠি আহিছিল ৷ তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হেমন্ত বড়োৰ নেতৃত্বত চলিছিল এই অভিযান ৷

লগতে পঢ়ক :চিৰাঙত কৰ'ণা টীকাকৰণৰ অনুশীলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.