ETV Bharat / state

Ujjwala yojana at Tunsukia: সাঙুৰিব দৰিদ্ৰ সীমা ৰেখাৰ তলৰ সকলো হিতাধিকাৰীক

author img

By

Published : Nov 29, 2021, 4:48 PM IST

Updated : Nov 29, 2021, 5:17 PM IST

প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনি 2.0 ৰ (PM Ujjwala Yojana) আৰম্ভণি ৷ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ সকলো মহিলা হিতাধিকাৰীলৈ ৰন্ধন গেছ আৰু শ্ৰমিক সকললৈ ই-শ্ৰম পৰিচয় পত্ৰ যোগান (LPG and e labour id card for BPL people) ৷

ujjwala yojana 2.0
প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ দ্বিতীয় পৰ্যায় আৰম্ভ

তিনিচুকীয়া, 29 নৱেম্বৰ : জনসাধাৰণৰ সুবিধাৰ্থে ৰূপায়ন কৰা উজ্জ্বলা আঁচনিৰে দেশৰ বহু লোক ইতিমধ্যে উপকৃত হৈছে ৷ ভাৰত চৰকাৰে চলিত বৰ্ষৰ 10 আগষ্টৰ পৰা আৰম্ভ কৰা প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি 2.0 ৰ জৰিয়তে সমগ্ৰ দেশখনৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ প্ৰায়খিনি লোককে সাঙুৰি লব (All BPL families will be covered under ujjwala yojana 2.0) ৷

প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনি 2.0 ৰ আৰম্ভণি

দেওবাৰে তিনিচুকীয়া জিলা প্ৰশাসন, শ্ৰম কল্যাণ বিভাগ আৰু তৈল বিপনন কোম্পানী সমূহৰ উদ্যোগত এই আঁচনিৰ অধীনত অন্তৰ্ভূক্ত হোৱা প্ৰতিটো পৰিয়াললৈ বিনামূলীয়া ৰন্ধন গেছ বিতৰণৰ কাৰ্যসূচী আয়োজন কৰা হয় ৷ তাৰ লগে লগে যিসকল শ্ৰমিকে দৈনিক আয় উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়ে তেওঁলোকৰ বাবে ই-শ্ৰম পৰিচয় পত্ৰ বিতৰণৰ ও পঞ্জীয়নৰ ব্যৱস্থাও কৰা হয় (Ujjwala yojana at Tinsukia) ৷

দেওবাৰে এই অনুষ্ঠানটি তিনিচুকীয়াৰ গোপীনাথ বৰদলৈ নগৰস্থিত উন্নয়ন প্ৰাধিকৰন সাংস্কৃতিক কেন্দ্ৰ ভৱনত অনুষ্ঠিত হৈ যায় ৷ উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰকৃতিক গেছ, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ মাননীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী শ্ৰী সঞ্জয় কিষাণ ৷

ইয়াৰ উপৰিও ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী ৰূপেশ গোৱালা, ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী সুৰেন ফুকন, মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী ভাস্কৰ শৰ্মা, তিনিচুকীয়া জিলাৰ উপায়ুক্ত শ্ৰী নৰসিং পৱাৰ আৰু অসম হাইড্ৰ’ কাৰ্বন এনাৰ্জি লিমিটেডৰ উপাধক্ষ্য শিৱজী ডুবে প্ৰমুখ্যে তিনিচুকীয়া জিলা প্ৰশাসন আৰু ভাৰতীয় তেল নিগমৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷

উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাত প্ৰধানমন্ত্ৰী উজ্বলা আঁচনি 2.0 ৰ অধীনত এতিয়ালৈকে 15,201 টা বিনামূলীয়া এল. পি. জি সংযোগ প্ৰদান কৰা হৈছে ৷ বৰ্তমানলৈকে 50 হাজাৰতকৈও অধিক বিভিন্ন ক্ষেত্ৰৰ শ্ৰমিকসকলে ই-শ্ৰম পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিছে ৷ দেওবাৰৰ অনুষ্ঠানটিত শ্ৰী ৰামেশ্বৰ তেলী আৰু শ্ৰী সঞ্জয় কিষাণ মহোদয়ে প্ৰতিকীস্বৰূপে 20 গৰাকী মহিলা হিতাধীকাৰিলৈ প্ৰধানমন্ত্ৰী উজ্বলা আঁচনি 2.0 ৰ বিনামূলীয়া এল. পি. জি সংযোগ আৰু 15 গৰাকী অসংগঠিত শ্ৰমিকলৈ ই-শ্ৰম কাৰ্ড বিতৰণ কৰে ৷ অনুষ্ঠানটোত ভাৰতীয় তেল নিগমৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী উজ্বলা আঁচনি 2.0 সন্দৰ্ভত এখনি চুটি ছবিও প্ৰদৰ্শন কৰা হয় ৷

লগতে চাওক : পানী যোগান আঁচনিৰ Solar plate চুৰিৰ সন্দৰ্ভত টুলুঙা মন্তব্য মন্ত্ৰীৰ

Last Updated : Nov 29, 2021, 5:17 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.