ETV Bharat / state

কাকপথাৰত প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন

author img

By

Published : Sep 17, 2020, 3:39 PM IST

আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 70 সংখ্যক জন্মদিন ৷ ৰাজ্যৰ প্ৰতিখন জিলাৰ বিজেপিৰ কাৰ্যালয়ত এই দিনটোৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা হৈছে ভিন্ন কাৰ্যসূচী ৷ কাকপথাৰতো বিজেপিৰ কাৰ্যকৰ্তাসকলে গ্ৰহণ কৰে গছপুলি ৰোপণৰ কাৰ্যসূচী ৷

Pm Modi's birthday celebration at kakopathar tinsukia assam etv bharat news
গছপুলি ৰোপণ

শদিয়া,17 ছেপ্তেম্বৰ: দেশৰ অন্যতম প্ৰভাৱশালী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আজি 70 সংখ্যক জন্মদিন ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে 14 ছেপ্তেম্বৰৰ পৰা 20 ছেপ্তেম্বৰলৈ সপ্তাহযোৰা কাৰ্যসূচীৰে পালন কৰে সেৱা সপ্তাহ ৷ সেই উপলক্ষে দলটোৱে গ্ৰহণ কৰিছে ভিন্ন কাৰ্যসূচী ৷

গছপুলি ৰোপণ

ৰাজ্যৰ অন্যান্য জিলাসমূহৰ দৰে শদিয়া সমষ্টিৰ কাকপথাৰতো গছপুলি ৰোপণেৰে প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনৰ কাৰ্যসূচী পালন কৰে বিজেপিয়ে ৷ তদুপৰি সেৱা সপ্তাহ পালনৰ বাবে ভাৰতীয় জনতা যুৱ মৰ্চাই গ্ৰহণ কৰিছে ৰক্তদান শিবিৰ, খাদ্য সামগ্ৰী বিতৰণ, ৰোগীৰ মাজত ফল-মূল বিতৰণ আদিৰ দৰে কাৰ্যসূচী ৷ এই সকলো কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে জিলা যুৱ মৰ্চাৰ সভাপতি তীৰ্থৰাজ নেওঁগে ৷

লগতে চাওকঃ মৎস উৎপাদনৰে স্বাৱলম্বী ৰঙিয়াৰ দুই ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.