ETV Bharat / state

ৰাষ্ট্ৰীয় উদ্যানত অবৈধ ৰিজ'ৰ্ট: বন বিভাগলৈ ন্যায়ালয়ৰ কাৰণ দৰ্শোৱাৰ জাননী

author img

By

Published : Mar 3, 2022, 9:48 PM IST

তিনিচুকীয়াৰ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত অবৈধভাৱে ৰিজ'ৰ্ট স্থাপন (illegal establishment of resorts in Dibru Saikhowa National Park ) কৰি ব্যৱসায় চলাই থকাৰ সন্দৰ্ভত ৰিজ'ৰ্ট আৰু বন বিভাগলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাৰণ দৰ্শোৱা জাননী ৷ সবিশেষ জানো আহক ৷

ৰাষ্ট্ৰীয় উদ্যানত অবৈধ ৰিজ'ৰ্ট: বন বিভাগলৈ ন্যায়ালয়ৰ কাৰণ দৰ্শোৱাৰ জাননী
ৰাষ্ট্ৰীয় উদ্যানত অবৈধ ৰিজ'ৰ্ট: বন বিভাগলৈ ন্যায়ালয়ৰ কাৰণ দৰ্শোৱাৰ জাননী

তিনিচুকীয়া, 3 মাৰ্চ : তিনিচুকীয়াৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত অবৈধভাৱে ৰিজ'ৰ্ট স্থাপন কৰি ব্যৱসায়ী চলাই থকা ৰিজ'ৰ্টৰ সন্দৰ্ভত বন বিভাগলৈ বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছে । মনোজ হাজৰিকা আৰু যাদৱ সেনাপতি নামৰ দুগৰাকী ব্যক্তিয়ে তিনিচুকীয়াৰ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত অবৈধভাব ৰিজ'ৰ্ট স্থাপন কৰি ব্যৱসায়ী চলাই থকা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল (PIL in guwahati high court) ।

উল্লেখ্য যে, উদ্যানখনৰ ইক'চেনছিটিভ জ'নত স্কাই লেণ্ড ৰিজ'ৰ্ট (Skyland resort Tinisukia) আৰু ওম হাউছ বোট স্থাপন কৰি ব্যৱসায় চলাই থকা হৈছে । ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল বন বিভাগে । স্বৰূপ দাস আৰু সঞ্জয় দাস নামৰ দুজন লোকে চলাইছিল এই ৰিজ'ৰ্ট । এই ৰিজ'ৰ্টতে পেৰা গ্লাইডিং কৰি মৃত্যু হৈছিল এজন যুৱকৰ ।

ৰাষ্ট্ৰীয় উদ্যানত অবৈধভাৱে ৰিজ'ৰ্ট স্থাপন সন্দৰ্ভত বন বিভাগলৈ Show cause notice

এই অনুসৰি তিনিচুকীয়াৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত অবৈধভাবে ৰিজ'ৰ্ট স্থাপন কৰি ব্যৱসায় (illegal establishment of resorts in Dibru Saikhowa National Park ) চলাই থকা সন্দৰ্ভত মনোজ হাজৰিকা আৰু যাদৱ সেনাপতি নামৰ দুগৰাকী ব্যক্তিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানী গ্ৰহণ কৰা হয় ৷

এই শুনানী অনুসৰি এই সম্পৰ্কত ৰাজ্য চৰকাৰ, বন বিভাগৰ সচিব, বন বিভাগৰ principal chief conservator আৰু ৰিজ'ৰ্টৰ গৰাকীক কাৰণ দৰ্শোৱা জাননী জাৰি কৰা হৈছে। এই সম্পৰ্কত আবেদনকাৰী মনোজ হাজৰিকাই কয়- "এই সম্পৰ্কত ২০২১ চনৰ নৱেম্বৰত তিনিচুকীয়াৰ জিলা উপায়ুক্ত আৰু মন্ত্ৰী অতুল বৰাক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল যদিও তেওঁ কোনো গুৰুত্ব নিদিলে । অৱশেষত এই সম্পৰ্কত ন্যায় বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছো ।"
লগতে পঢ়ক : Life imprisonment : যাৱজ্জীৱনৰ বাবে জেললৈ গ’ল স্বামী হত্যাকাৰী মাৰ্জিনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.