ETV Bharat / state

চৰকাৰলৈ শেষ সকীয়নি লাইকা-দধীয়াবাসীৰঃ 20 জানুৱাৰী শেষ তাৰিখ - last warning to Assam government

সোমবাৰে তিনিচুকীয়াৰ বৰগুৰি জানমুখ লেজাইহুলাত এক ৰাজহুৱা সংবাদমেল আয়োজন কৰি চৰকাৰক সময় বান্ধি দিলে লাইকা-দধিয়াবাসী ৰাইজে ৷ তিনিটা মুখ্য দাবীৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে প্ৰতিবাদকাৰী সকলে ৷

peoples-of-laika-dadhiya-gave-last-warning-to-assam-government
চৰকাৰলৈ শেষ সকীয়নি লাইকা-দধীয়াবাসীৰ
author img

By

Published : Jan 11, 2021, 10:31 PM IST

Updated : Jan 11, 2021, 10:43 PM IST

তিনিচুকীয়া,11 জানুৱাৰী: 21 টাকৈ দিন অতিক্ৰম কৰিলে লাইকা-দধিয়াবাসীৰ প্ৰতিবাদে ৷ কিন্তু ইয়াৰ পাছতো প্ৰতিবাদকাৰী সকলৰ দাবীৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ৰাজ্য চৰকাৰে ৷ দীৰ্ঘদিনীয়া প্ৰতিবাদৰ পাছতো চৰকাৰৰ পৰা কোনোধৰণৰ ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম নোহোৱাত অৱশেষত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কাটি গাঁও নিৰ্মাণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে লাইকা-দধিয়াবাসীয়ে ৷ অহা 20 জানুৱাৰীৰ ভিতৰত লাইকা-দধিয়াবাসী ৰাইজক পুনৰ সংস্থাপন নিদিলে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কাটি তহিলং কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৰাইজে ৷

চৰকাৰলৈ শেষ সকীয়নি লাইকা-দধীয়াবাসীৰঃ 20 জানুৱাৰী শেষ তাৰিখ

এই সন্দৰ্ভত সোমবাৰে তিনিচুকীয়াৰ বৰগুৰি জানমুখ লেজাইহুলাত এক ৰাজহুৱা সংবাদমেল আয়োজন কৰে লাইকা-দধিয়াবাসী ৰাইজে ৷ সংবাদমেলৰ জড়িয়তে তিনিচুকীয়াৰ টিংকুপানী,ঔগুৰি,মামৰণী আৰু পাহাৰপুৰত ৰাইজক পুনৰ সংস্থাপন দিয়াৰ দাবী লাইকা-দধিয়াবাসীৰ ৷ লগতে তিনিটা মুখ্য দাবীৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে প্ৰতিবাদকাৰী সকলে ৷

উল্লেখ্য যে,যোৱা বৰ্ষৰ 20 ডিচেম্বৰৰ পৰা পুনৰ সংস্থাপনৰ দাবীত আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ কৰাৰ দাবীত বৃহত্তৰ লাইকা-দধিয়াবাসী ৰাইজে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন ৰাখিছিল ৷ পৰৱৰ্তী সময়ত ইয়াৰ কোনোধৰণৰ ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম নোহোৱাত ডিচেম্বৰৰ 21 তাৰিখৰ পৰা অস্থায়ী শিবিৰ পাতি অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷

লগতে পঢ়কঃ বাৰ্ড-ফ্লুক লৈ ৰাজ্যবাসী আতংকিত হোৱাৰ প্ৰয়োজন নাইঃ অসম পশুধন নিগম

Last Updated : Jan 11, 2021, 10:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.