ETV Bharat / state

উৎকোচ লৈ আটক হ’ল পঞ্চায়ত সচিব

author img

By

Published : Jul 7, 2021, 9:54 PM IST

স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বিনিময়ত উৎকোচ লৈ ৰঙাঘৰত সোমাল পঞ্চায়ত সচিব ৷ চৰকাৰৰ দুৰ্নীতি বিৰোধী নীতিয়ে যেন গা লৰাব পৰা নাই এনে একাংশ দুৰ্নীতিগ্ৰস্ত লোকৰ ৷ তিনিচুকীয়াত সংঘটিত হৈছে এই ঘটনা ৷

হাতে-লোটে টকা লৈ আটক হ’ল পঞ্চায়ত সচিব
হাতে-লোটে টকা লৈ আটক হ’ল পঞ্চায়ত সচিব

তিনিচুকীয়া,7 জুলাই : দুৰ্নীতিৰ বিৰুদ্ধে যিমানেই কঠোৰ হৈছে ৰাজ্য চৰকাৰ সিমানেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে প্ৰতিদিনে ৷ একপ্ৰকাৰে যেন মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে ৰাজ্যৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে ৷ এইবাৰ তেনে এক ঘটনাই পোহৰলৈ আহিছে তিনিচুকীয়া জিলাত ৷ জিলাখনৰ পানীতোলা গাঁও পঞ্চায়তত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল পঞ্চায়ত সচিব মৃদুপৱন চেতিয়া ।

অভিযোগ অনুসৰি, পঞ্চায়তখনৰ সচিব মৃদুপৱন চেতিয়াই তিনিজন যুৱকৰ পৰা স্থানীয় বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াৰ বিনিময়ত ৫০০ টকা উৎকোচ বিচাৰিছিল ৷ তাৰপাচতে যুৱককেইজনে সোমবাৰে টকা দিবলৈ যাওতেই পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীনকান্ত সোনোৱালে হাতে-লোটে আটক কৰে সচিব গৰাকীক ৷ ইফালে, আৰক্ষীয়ে আটক কৰা সচিব গৰাকীয়ে উল্লেখ কৰে যে, টকাখিনি কাৰ্যালয়ৰ কামত ব্যৱহাৰৰ বাবে কাগজ কিনিবলৈহে বিচাৰিছিল ৷

সম্প্ৰতি এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ৷ ইপিনে সমগ্ৰ ঘটনাটোৰ সৰ্ন্দভত মটক যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আৰক্ষী-প্ৰশানে সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীত উচিত শাস্তি প্ৰদান কৰিব লাগে ৷

হাতে-লোটে টকা লৈ আটক হ’ল পঞ্চায়ত সচিব

এইদৰে বৰ্তমানেও চৰকাৰৰ দুৰ্নীতি বিৰোধী নীতিক বুঢ়া আঙুলি দেখুৱাই পঞ্চায়ত পৰ্যায়ৰ পৰা চৰকাৰী উচ্চ পৰ্যায়লৈ বিভিন্ন ক্ষেত্ৰত দুৰ্নীতি সংঘটিত কৰি আহিছে একাংশ অৰ্থলোভী কৰ্মচাৰীয়ে ৷ একাংশক ৰঙা ঘৰলৈ যোৱা দেখিও যেন গাৰ পৰা দুৰ্নীতি বোকা আঁতৰাবলৈ অনিচ্ছুক এনে একাংশ বিষয়া ৷

উল্লেখযোগ্য যে, দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহন । দুৰ্নীতিগ্ৰস্ত বিষয়াক নাকী লগাবলৈ সাজু মন্ত্ৰী গৰাকী । দুৰ্নীতিক সমূলঞ্চে নোহোৱা কৰাৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মন্ত্ৰীগৰাকীয়ে ।

তেওঁৰ বিভাগত হোৱা যিকোনো দুৰ্নীতিৰ বিষয়ে এতিয়াৰে পৰা ৰাইজে পোনপটীয়াকৈ মন্ত্ৰীগৰাকীক জনাব পাৰিব । ৰাইজৰ সুবিধাৰ্থে তেওঁ এটা হোৱাটছ এপ নম্বৰ মুকলি কৰিছে । তেওঁৰ নিজা ফেচবুক পেজত হোৱাটছ এপ নম্বৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে ।

লগতে পঢ়কঃ দুৰ্নীতিৰ অভিযোগ লাভৰ পাছতে বিভাগীয় তদন্তৰ ঘোষণা মন্ত্ৰী যোগেন মহনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.