ETV Bharat / state

Smuggled crude oil in Assam: চোৰাং খাৰুৱা তেলৰ বেহা টেঙাপানী পঞ্চায়তৰ কাউন্সিলাৰৰ - Smuggled crude oil in Makum

তিনিচুকীয়াত খাৰুৱা তেলৰ চোৰাং বেহা অব্য়াহত (Crude oil smuggling in Tinsukia) । চোৰাং খাৰুৱা তেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । বৃহত্তৰ মাকুম অঞ্চলত দীৰ্ঘদিনৰ পৰাই কেইবাটাও চক্ৰই চলাই আহিছে চোৰাং খাৰুৱা তেলৰ বেহা।

Smuggled crude oil in Makum
তিনিচুকীয়াত খাৰুৱা তেলৰ চোৰাং বেহা অব্য়াহত
author img

By

Published : Jun 7, 2023, 2:04 PM IST

তিনিচুকীয়াত খাৰুৱা তেলৰ চোৰাং বেহা

তিনিচুকীয়া, ৭ জুন: তিনিচুকীয়া জিলাৰ মাকুম টেঙাপানী গাঁও পঞ্চায়তৰ কাউন্সিলাৰ ভোলা শ্বাহৰ ঘৰত মঙলবাৰে নিশা মাকুম আৰক্ষী থানা আৰু লাংকাচি আৰক্ষী চকীৰ এটা দলে চোৰাং খাৰুৱা তেলৰ বিৰুদ্ধে যুটীয়া অভিযান চলায় (Smuggled crude oil in Makum)। বিশেষ সূত্ৰৰ পম খেদি টেঙাপানীস্থিত গাঁও পঞ্চায়তৰ কাউন্সিলাৰ ভোলা শ্বাহৰ ঘৰত চোৰাং খাৰুৱা তেল মজুত কৰি থোৱাৰ সন্দৰ্ভত আৰক্ষীৰ দলটোৱে অভিযান চলাই । আৰক্ষীয়ে চোৰাং খাৰুৱা তেলৰ কেইবাটাও খালি গেলন আৰু খালি ড্ৰামসহ AS 23 P0490 নম্বৰৰ এখন ভান জব্দ কৰে ।

পৰৱৰ্তী সময়ত জব্দকৃত গেলন আৰু খালি ড্ৰাম আৰু ভানখন লাংকাঁচি আৰক্ষী চকীলৈ লৈ যায় । এই সম্পৰ্কত বাসগৃহৰ কোনো লোকক আৰক্ষীয়ে আটক কৰা নাই যদিও তদন্ত অব্যাহত ৰাখিব বুলি মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি বৰুৱাই সংবাদ মাধ্যমক সদৰি কৰে । উল্লেখ্য় যে বৃহত্তৰ মাকুম অঞ্চলত দীৰ্ঘদিনৰ পৰাই কেইবাটাও চক্ৰই চোৰাং খাৰুৱা তেলৰ লগতে কণ্ডেনছেট তেলৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে (Smuggled crude oil in Assam)৷

ইয়াৰ পূৰ্বেও টেঙাপানী গাঁও পঞ্চায়তৰ কাউন্সিলাৰ ভোলা শ্বাহৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই চোৰাং কণ্ডেনছেট জব্দ কৰিছিল (Tengapani Village Panchayat)। আৰক্ষীয়ে লগতে জব্দ কৰিছিল বহু আপত্তিজনক সা-সামগ্ৰী । কিন্তু গ্ৰেপ্তাৰ নহ'ল ভোলা শ্বাহ ৷ বাৰে বাৰে এনে চোৰাং কাৰবাৰৰ স'তে জড়িত থকাৰ বিষয়টো স্পষ্ট হোৱাৰ পিচতো কিয় প্ৰশাসনে ভোলা শ্বাহৰ বিৰুদ্ধে কোনো ব্যৱস্থা নলয় সেয়া ৰহস্যজনক বিষয় ।

আনহাতে, লাংকাছি আৰক্ষীয়ে যোৱা ২৬ মে'ত চোৰাং খাৰুৱা তেলসহ জব্দ কৰা টেংকাৰৰ স'তে জড়িত ইতিমধ্যে বীৰবল গোঁহাই, জান্তু মৰাণ আৰু অমৃত গগৈক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰায় উপাধিৰ এজনক আটক কৰি অব্যাহত ৰাখিছে সোধা পোছা ৷ আৰক্ষীয়ে এই তেল চুৰি চক্ৰটো গুৰিৰ পৰা উঘালি পেলোৱাৰ কাৰণে তদন্ত অব্যাহত ৰখাৰ লগতে আন তিনিজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:Sonapur road accident: নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্রীয় ঘাইপথত বাগৰিল গেছ ভৰ্তি টেংকাৰ; অহৰহ নিৰ্গত গেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.