শদিয়া, 16 জুলাই : তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত এজন আৰক্ষীৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ কাকপথাৰৰ দপথাৰৰ অকন শইকীয়া(42) নামৰ আৰক্ষীৰ জোৱানগৰাকীৰ বিগত 13 জুলাইত নমুনা পৰীক্ষা কৰিছিল ৷ নমুনা পৰীক্ষা কৰি আৰক্ষী কনিষ্টবল জনে দৈনিক নিজ গৃহলৈ অহাযোৱা কৰি থকা ঘটনাই জিলাখনত গণ সংক্ৰমণৰ আশংকা ঘণীভূত কৰি তুলিছে ৷ আজি জোৱানজনে কৰ্তব্য সমাপন কৰি কাকপথাৰৰ ভাৰাঘৰলৈ আহি থকা অৱস্থাত নমুনা পৰীক্ষাৰ ফলাফল পজিটিভ অহাত ভাৰাঘৰৰ পৰা স্বাস্থ্য বিভাগৰ জৰিয়তে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে ৷ নমুনা পৰীক্ষা কৰাৰ পিছত ফলাফল নোলোৱা পৰ্যন্ত আৰক্ষীগৰাকী কোৱাৰেন্টাইনত থাকিব লাগে যদিও কিয় এনেদৰে অহা যোৱা কৰি আছিল সেইয়া সন্দেহৰ আৰ্ৱতত ৷
লগতে পঢ়কঃ তিনিচুকীয়াত কৰ’ণাত আক্ৰান্ত চিকিৎসকৰ মৃত্যু