ETV Bharat / state

শক্তি বিভাগৰ আজৱকাণ্ড: এমাহৰ বিদ্যুতৰ বিল ১৯,৮৮৯ টকা - শক্তি বিভাগৰ আজৱকাণ্ড

গাঁওখনৰ বহুকেইটা পৰিয়াললৈ এমাহৰ বিদ্যুতৰ বিল ৬০০ ৰ পৰা ১৯৯২ ইউনিট পৰ্যন্ত অহাৰ পাছত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালকেইটা ।

এমাহৰ বিদ্যুতৰ বিল ১৯৮৮৯ টকা
এমাহৰ বিদ্যুতৰ বিল ১৯৮৮৯ টকা
author img

By

Published : Mar 15, 2020, 9:43 AM IST

ফিল'বাৰী, 15 মাৰ্চঃ তিনিচুকীয়া জিলাৰ ডুমডুমা বিদ্যুৎ উপ সংমণ্ডলৰ অধীনস্থ ফিল'বাৰী বামুনগাঁৱত শক্তি বিভাগে সংঘটিত কৰিছে এক আজৱ কাণ্ড । গাঁওখনৰ শকুন্তলা দেৱী নামৰ মহিলাগৰাকীৰ ঘৰলৈ এমাহৰ বিদ্যুতৰ বিল আহিল ১৯,৮৮৯ টকা । সমান্তৰালকৈ, গাঁওখনৰ বহুকেইটা পৰিয়াললৈ এমাহৰ বিদ্যুতৰ বিল ৬০০ ৰ পৰা ১৯৯২ ইউনিট পৰ্যন্ত অহাৰ পাছত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালকেইটা ।

এমাহৰ বিদ্যুতৰ বিল ১৯৮৮৯ টকাএমাহৰ বিদ্যুতৰ বিল ১৯৮৮৯ টকা

উল্লেখযোগ্য যে, ডুমডুমা বিদ্যুৎ উপ সংমণ্ডলে ফিল'বাৰীত পূৰ্বেও এনেধৰণৰ আজৱ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ইয়াৰোপৰি, উক্ত ঘটনা সন্দৰ্ভত অভিযোগ দিবলৈ কাৰ্যালয়লৈ যোৱা লোকসকলক বিভাগীয় কতৃপক্ষই গালি-ধমক দিয়া বুলিও অভিযোগ উত্থানপ কৰিছে ভুক্তভোগীসকলে । শক্তি বিভাগৰ এনে আজৱ কাণ্ডত এতিয়া হতভম্ব হৈ পৰিছে পৰিয়ালকেইটা ।

লগতে পঢ়কঃ তিতাবৰ আৰু বৰহোলা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.