ETV Bharat / state

টিংৰাই বিস্ফোৰণত জড়িত থকা সন্দেহত এজনক আটক

টিংৰাইত বোমা বিস্ফোৰণৰ ঘটনাত জড়িত থকাৰ সন্দেহত এজন যুৱকক আটক । আটকাধীন অভিযুক্ত যুৱকজন নাজিৰাটিং তামুলী বন গাঁৱৰ দিপেন শইকীয়া (২৮) ৷ বৰ্তমান আৰক্ষীয়ে যুৱকজনক সোধপোছ অব্যাহত ৰাখিছে ৷

author img

By

Published : May 16, 2021, 7:40 AM IST

one-accused-arrested-for-involved-with-tingrai-blast
টিংৰাই বিস্ফোৰণত জড়িত থকা সন্দেহত এজনক আটক

তিনিচুকীয়া, 16 মে’: ডিগবৈ টিংৰাইত বোমা বিস্ফোৰণৰ ঘটনাত জড়িত থকাৰ সন্দেহত এজন যুৱকক আটক কৰা হৈছে । আটকাধীন অভিযুক্ত যুৱকজন নাজিৰাটিং তামুলী বন গাঁৱৰ দিপেন শইকীয়া (২৮) বুলি জানিব পৰা গৈছে ৷

বৰ্তমান ডিগবৈ আৰক্ষী থানাত যুৱকজনক আটক কৰি আৰক্ষী উপ-মহাপৰিদৰ্শক জিৎমল দলে, তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক এন ভি চন্দকান্ত সহ জিলাৰ কেইবাগৰাকী আৰক্ষী বিষয়া উপস্থিত হৈ সোধপোছ অব্যাহত ৰাখিছে ৷ আটক কৰা যুৱক জনৰ পৰা কেনেধৰণৰ তথ্য লাভ কৰা হৈছে সেই সন্দৰ্ভত সাংবাদিকৰ আগত আৰক্ষীয়ে এতিয়ালৈকে কোনো মন্তব্য প্ৰদান কৰা নাই ৷

প্ৰাপ্ত তথ্য অনুসৰি, পালচাৰ মটৰচাইকেলত অহা দুজন ব্যক্তিয়ে গ্ৰেনেড বিষ্ফোৰণ ঘটোৱাৰ সন্দেহ কৰি তেওঁলোকৰ সন্ধানতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ পালচাৰ মটৰচাইকেলত অহা সন্দেহজনক লোক দুজনৰ সন্ধান তিনিচুকীয়া আৰক্ষীক দিব পাৰিলে দুই লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ লগতে সন্ধান দিওতাৰ পৰিচয় গোপনে ৰখা হ'ব বুলি আৰক্ষীয়ে ঘোষণা কৰিছে । সন্ধান দিওতাই তিনিচুকীয়া আৰক্ষীৰ 8638018965 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াই জানিবলৈ দিছে ।

ইফালে, তামুলী বনগাঁৱৰ একাংশ স্থানীয় ৰাইজে ডিগবৈ টিংৰাইৰ বিস্ফোৰণৰ ঘটনাৰ লগত দ্বীপেন শইকীয়া নামৰ যুৱকজনৰ কোনো সম্পৰ্ক নথকাৰ দাবী কৰিছে । যুৱকজনক আৰক্ষীয়ে অনাহকত আটক কৰি সোধাপোছ অব্যাহত ৰখাৰো অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ একাংশ লোকে ৷

লগতে পঢ়ক: মৰাণত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.