ETV Bharat / state

বাঘজানৰ তৈলখাদ বিস্ফোৰণ সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডৰ প্ৰেছ বিজ্ঞপ্তি

author img

By

Published : Jun 10, 2020, 7:02 PM IST

অইল ইণ্ডিয়া লিমিটেডে বাঘজানৰ তৈলখাদৰ গেছ নিৰ্গমণস্থলীত সংঘটিত বিস্ফোৰণক লৈ প্ৰকাশ কৰিলে এখন প্ৰেছ বিজ্ঞপ্তি ৷

Oil India Press Release
Oil India Press Release

তিনিচুকীয়া, 10 জুনঃ বাঘজানৰ তৈলখাদৰ গেছ নিৰ্গমণস্থলীত সংঘটিত বিস্ফোৰণক লৈ প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিলে অইল ইণ্ডিয়া লিমিটেডে ৷ এই বিজ্ঞপ্তিযোগে অইল ইণ্ডিয়া কৰ্তৃপক্ষই উল্লেখ কৰে যে,অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে অইলৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালকে তিনিচুকীয়াক এক আলোচনাত মিলিত হৈছে ৷ এই আলোচনাত উপস্থিত থাকে তিনিচুকীয়াৰ উপায়ুক্ত ভাস্কৰ পেগুও ৷ ইয়াৰোপৰি এই বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুওৱা দুয়োগৰাকী কৰ্মচাৰীৰ পৰিয়াললৈ অইলে ইণ্ডিয়াই তৎকালীন ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে বিজ্ঞপ্তিযোগে ৷

বাঘজানৰ তৈলখাদ বিস্ফোৰণ সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডৰ প্ৰেছ বিজ্ঞপ্তি
অইল ইণ্ডিয়া লিমিটেডৰ প্ৰেছ বিজ্ঞপ্তি

অগ্নিনিৰ্বাপক বাহিনীয়ে চাৰিওফালৰ এলেকাত দুইৰ সম্প্ৰসাৰণ ৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ পেট্ৰলয়াম,প্ৰাকৃতিক গেছ আৰু তীখা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সোমবাৰে পুৱাৰ ভাগত তিনিচুকীয়া আৰু বাঘজানত অইলৰ দলৰ সৈতে জৰুৰীকালীন ভিডিঅ' কনফাৰেন্সৰ অনুষ্ঠিত কৰে ৷ মন্ত্ৰী গৰাকীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সামগ্ৰিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অগ্নিকাণ্ডৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় সহায় প্ৰদানৰ বাবে তৎকালীন ব্যৱস্থা ল'বলৈ পৰামৰ্শ প্ৰদান কৰিছে ৷

লগতে পঢ়কঃ বাঘজানৰ তৈলখাদৰ বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ আলফা (স্বা)ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.