ETV Bharat / state

Warriors ৰ মহানুভৱতা: দুৰ্ভগীয়া বৃদ্ধালৈ সহায়ৰ হাত - NGO warriors showing humanity

ক'ভিড ভয়াৱহতাৰ মাজতে তিনিচুকীয়া জিলাৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন Warriors ৰ সদস্যসকলে দাঙি ধৰিছে মানৱীয়তাৰ উৎকৃষ্ট উদাহৰণ ৷ এগৰাকী দুৰ্ভগীয়া বৃদ্ধালৈ সহায়ৰ হাত সংগঠনটোৰ ৷

ngo-warriors-showing-humanity-amid-covid-19-situation
বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন ৱাৰিয়ৰ্ৰছৰ মহানুভৱতা
author img

By

Published : Jul 19, 2021, 8:51 PM IST

তিনিচুকীয়া, 19 জুলাই : সমগ্ৰ দেশৰ লগতে ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতিৰ মাজতে তিনিচুকীয়া জিলাৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন Warriors ৰ প্ৰশংসনীয় পদক্ষেপ ৷ বিগত তিনিটা বছৰে গৃহহাৰা হৈ থকা এগৰাকী 70 ঊৰ্ধৰ বৃদ্ধাক সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে আত্মীয়-কুটুমক গতাই দিলে সংস্থাটোৱে ৷ জীৱনৰ বিয়লি বেলাত বৃদ্ধাগৰাকীক এক স্থায়ী আশ্ৰয়স্থল প্ৰদান কৰিবলৈ সংস্থাটোৱে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈছে সচেতন ৰাইজে ৷ লগতে সংস্থাটোক অনাগত দিনতো সমাজখনৰ হিতৰ বাবে কাম কৰি যাবলৈ শুভেচ্ছা প্ৰদান কৰিছে একাংশ সচেতন লোকে ৷

দুৰ্ভগীয়া বৃদ্ধালৈ সহায়ৰ হাত

উল্লেখ্য যে, বিগত প্ৰায় 3 বছৰ ধৰি ডিগবৈ কালিবাৰীত অৱস্থিত এটি পৰিত্যক্ত আৱাসগৃহৰ এখন বাৰাণ্ডাতে দুৰ্বিসহ দিন পাৰ কৰি আহিছিল তিনিচুকীয়া জিলাৰ ডিগবৈৰ ৰীতা দেৱী নামৰ বৃদ্ধাগৰাকী ৷ বৃদ্ধাগৰাকীক সহায় কৰিবৰ বাবে আগবাঢ়ি অহা নাছিল কোনো সুহৃদ তথা চৰকাৰ প্ৰশাসন ৷ যাৰ বাবে অতি দুখৰ মাজেৰে আত্মীয়-কুটুমৰ পৰা দূৰৈত এনেদৰে এটা পৰিত্যক্ত বাসগৃহৰ বাৰাণ্ডাতে সময় অতিবাহিত কৰি আহিছিল বৃদ্ধাগৰাকীয়ে ৷ অৱশেষত Warriors নামৰ সংস্থাটোৰ তৎপৰতাত উদ্ধাৰ হ'ল বৃদ্ধাগৰাকী ৷

লগতে পঢ়কঃ আমাক চৰকাৰী ধন নালাগে, কেৱল ৰাস্তা বনাই দিয়ক...

প্ৰায় তিনিবছৰৰ পূৰ্বে দুৰ্ভগীয়া বৃদ্ধাগৰাকী কোনো কাৰণবশতঃ ঘৰৰ পৰা ওলাই আহিছিল ৷ কিন্তু বৃদ্ধাগৰাকী ঘৰৰ পৰা ওলাই অহাৰ পাচৰে পৰা কোনো আত্মীয় কুটুমে সুখ-দুখৰ মাত এষাৰ লগাবলৈ বিচাৰি অহা নাছিল ৷ ইয়াৰ মাজতে বিশেষ সূত্ৰে খবৰ লাভ কৰি বিভিন্ন সামাজিক কৰ্মৰ দ্বাৰা ৰাইজৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম হোৱা তিনিচুকীয়া জিলাৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন Warriors ৰ একাংশ কৰ্মীয়ে বৃদ্ধাগৰাকীক উদ্ধাৰ কৰে ৷ লগতে আত্মীয়-কুটুমক বিচাৰি উলিয়াই বৃদ্ধাগৰাকীক সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে গতাই দিয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.