ETV Bharat / state

Newly married couple gift an ambulance: নৱ দম্পতীয়ে অঞ্চলবাসীক উপহাৰ দিলে এম্বুলেন্স - A Special marriage in Tinsukia

সৰ্বত্ৰে চৰ্চা লাভ কৰা এখন ব্যতিক্ৰমী বিবাহ ৷ তিনিচুকীয়াৰ এখন কেৱল ৰাইজৰ আশীৰ্বাদেই নহয় ৰাইজৰ প্ৰশংসাও লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিবাহৰ অভ্যৰ্থনাৰ অনুষ্ঠানৰ দিনাই নৱ দম্পতীয়ে অঞ্চলবাসীৰ নামত উচৰ্গা কৰে এখন এম্বুলেন্স (A Special marriage in Tinsukia)৷

Newly married couple gift a ambulance to locals at Dangari
নৱ দম্পতীয়ে অঞ্চলবাসীক উপহাৰ দিলে এম্বুলেন্স
author img

By

Published : Feb 26, 2023, 9:50 PM IST

তিনিচুকীয়া, ২৬ ফেব্ৰুৱাৰী: এতিয়া বিয়াৰ বতৰ ৷ কিন্তু এখন বিয়াই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ বিয়াৰ অভ্যৰ্থনাৰ দিনাই এটা নৱ দম্পতীৰ ব্যতিক্ৰমী প্ৰয়াসে সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ তিনিচুকীয়াৰ ডাঙৰীত হোৱা এইখন বিয়াত অভ্যৰ্থনাৰ দিনাই এটা নৱ দম্পতীয়ে অঞ্চলবাসীৰ নামত উচৰ্গা কৰে এখন এম্বুলেন্স (A Special marriage in Tinsukia)৷

কেৱল তিনিচুকীয়াতে নহয় ডাঙৰীৰ সমীপৰ মেগেলা গাঁৱত অনুষ্ঠিত এখন বিয়াই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ৷ এখন সপোনৰ ঘৰ গঢ়াৰ সপোননো কাৰনো নাই ? কিন্তু কেৱল নিজৰ সপোনেই নহয় অঞ্চলবাসীৰ সপোনকো সাৰ্থক কৰিলে এই দম্পতীটোৱে ৷

ডাঙৰী মেগেলা গাঁৱৰ নিবাসী বিমল সোণোৱালৰ পুত্ৰ তথা যুৱ ব্যৱসায়ী প্ৰতীম সোণোৱালে দীৰ্ঘদিনৰ প্ৰেমৰ অন্তত যোৱা ২৩ ফেব্ৰুৱাৰীত ৰাইজক সাক্ষী কৰি সম্পূৰ্ণ পৰম্পৰাগত নীতি নিয়মেৰে দিম্পীৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলে । তালাপৰ জীয়ৰী দিম্পী সোণোৱাল ৷ এই যুগ্ম জীৱনৰ দিনটোক এক স্মৰণীয় দিন হিচাপে জীয়াই ৰাখিবলৈ বৃহত্তৰ ডাঙৰী অঞ্চলবাসী ৰাইজৰ সুবিধাৰ্থে এখন এম্বুলেন্স প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে নৱ দম্পতীটোৱে (Newly married couple gift an ambulance) ৷

শনিবাৰে প্ৰতীম আৰু দিম্পীৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান আছিল । মেগেলা গাঁৱত এক বৃহৎ আয়োজনেৰে অনুষ্ঠিত কৰা হৈছে এই অভ্যৰ্থনা অনুষ্ঠান ৷ এই বৃহৎ দিনটোতেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বাবে এম্বুলেন্সখন আনুষ্ঠানিকভাৱে প্ৰদান কৰে প্ৰতীম আৰু দিম্পীয়ে । সোণোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰা এম্বুলেন্সখন ৷ সমীপৱৰ্তী বৰপথাৰ গাঁওস্থিত খ্ৰীং খ্ৰীং বাইথ মন্দিৰৰ পৰিচালনা সমিতিৰ তত্বাৱধানত ৰখা হ’ব এই এম্বুলেঞ্চখন।

প্ৰতীম সোণোৱালৰ এই ব্যতিক্ৰমী প্ৰয়াসক এতিয়া একেমুখে শলাগ লৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। ইফালে, প্ৰতীম সোণোৱালে ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত স্থানীয় ৰাইজক বহুতো সহায় আগবঢ়োৱাৰ লগতে প্ৰতিটো ক্ষেত্ৰত ৰাইজৰ সৈতে থিয় দি আহিছে স্থানীয় লোকে জানিবলৈ দিছে ৷ শেহতীয়াকৈ নিজৰ বিবাহৰ দিনটোত প্ৰতীমে এই এম্বুলেঞ্চ প্ৰদান কৰা কাৰ্যই মানৱীয়তাৰ এক উৎকৃষ্ট নিদৰ্শন ডাঙি ধৰিছে বুলি মত প্ৰকাশ কৰে গাঁৱৰ লোকে ৷

লগতে পঢ়ক: Guwahati Double Murder: শংকৰী দে‘ৰ স্বামীৰ পৰিয়ালৰ সৈতে নাছিল কোনো সম্পৰ্ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.