ETV Bharat / state

Anganwadi Centre inaugurated: ডিগবৈত একেদিনাই চাৰিটাকৈ জন-কল্যাণমূলক আঁচনিৰ উদ্ধোধন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ - ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন

ডিগবৈত বিধায়ক সুৰেণ ফুকনৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উদ্ধোধন কৰে তিনিটাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ ৷ ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে প্ৰতিটো আদর্শ অংগনবাড়ী কেন্দ্ৰ ৷

Anganwadi Centre inaugurated
ডিগবৈত একেদিনাই চাৰিটাকৈ জন-কল্যাণমূলক আঁচনিৰ উদ্ধোধন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ
author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 10:01 PM IST

ডিগবৈত একেদিনাই চাৰিটাকৈ জন-কল্যাণমূলক আঁচনিৰ উদ্ধোধন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

তিনিচুকীয়া, ৩১ আগষ্ট: শাসনাধিষ্ঠ বিজেপি চৰকাৰে পূৰ্বৰ জৰাজীৰ্ণ অৱস্থাত থকা অংগনবাড়ী কেন্দ্ৰসমূহক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ চৰকাৰৰ এই পদক্ষেপৰ পাচত এতিয়াৰ পৰা ৰাজ্যৰ প্ৰতিটো অংগনবাড়ী কেন্দ্ৰ হ’ব অতিথিশালা সদৃশ । অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন ঠাইত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰিছে, তাৰ সমান্তৰালভাৱে বৃহস্পতিবাৰে ডিগবৈ সমষ্টিৰ অন্তৰ্গত তিনিটা স্থানত আদর্শ অংগনবাড়ী কেন্দ্ৰৰ উদ্ধোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে চামদাং আদৰ্শ অংগনবাড়ী কেন্দ্ৰ, হাপজান পঞ্চায়তৰ অন্তৰ্গত গংগাবাড়ী আদৰ্শ কেন্দ্ৰ আৰু বেতজান চাহ বাগিচাত অৱস্থিত বেতজান আদর্শ অংগনবাড়ী কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে । আৱন্টিত পুঁজিৰ ২৫ লাখ টকাকৈ মুঠ ৭৫ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হয় আদর্শ অংগনবাড়ী কেন্দ্ৰ তিনিটা ৷ মন্ত্ৰীগৰাকীয়ে প্ৰতিটো অংগনবাড়ী কেন্দ্ৰই অতি সুন্দৰভাৱে নিৰ্মাণ হৈছে বুলি সংবাদমাধ্যমৰ আগত ব্যক্ত কৰে ।

আজিৰ শিশু কাইলৈ দেশৰ ধৰণী, সেয়ে বিজেপি চৰকাৰে শিশুসকলৰ দৈহিক মানসিক উৎকৰ্ষ সাধনৰ অৰ্থে সকলো ধৰণৰ সুবিধাৰ উপলব্ধৰে এই অংগনবাড়ী কেন্দ্ৰকেইটা নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । মাকুমৰ যুৱ ঠিকাদাৰ কল্যাণ চেতিয়াই আটক ধুনীয়াকৈ নিৰ্মাণ কৰা এই অংগনবাড়ী কেন্দ্ৰকেইটাত কণ কণ শিশুসকলে সুস্থ পৰিবেশত পাঠ গ্ৰহণ কৰিব পাৰিব আশা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷

উক্ত কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ সৈতে উপস্থিত থাকে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, জিলা আয়ুক্ত স্বপ্নীল পাল প্ৰমুখ্যে কৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল লগতে পঞ্চায়ত প্ৰতিনিধিসকল । ইপিনে ছোট’ হাপজান চাহ বাগিচাৰ জল জীৱন মিছনৰ পানী যোগান প্ৰকল্পৰো আজি শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: MLA Jayanta malla Baruah: ছেপ্টেম্বৰ মাহত অসমত বাল্যবিবাহ, বহু বিবাহৰ বিৰুদ্ধে গৃহীত হ’ব আইন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.