তিনিচুকীয়া,১ জানুৱাৰী: শীতৰ সময়চোৱাত যথেষ্ট আগমন ঘটে পৰ্যটকৰ । পৰ্যটকক হাতবাউল দি মাতে অসমৰ প্ৰাকৃতিক পৰিৱেশে(Tourists gather in Assam) । আয়োজন কৰা হয় বিভিন্ন উৎসৱৰ । তিনিচুকীয়া জিলাৰ ডিগবৈ নাজিৰাটিং ডিব্ৰু নৈৰ পাৰৰ মনোমোহা প্রাকৃতিক পৰিৱেশৰ মাজত দেওবাৰৰে পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লৈছে তৃতীয় বাৰ্ষিক নাজিৰাটিং তামুলী পর্যটন উৎসৱ(3rd Annual Nazirating Tamuli Tourism Festival) ।
গ্রাম্য অৰ্থনীতি সৱল কৰাৰ উদ্দেশ্যেৰে ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ(MLA Suren Phukan) তৎপৰতাত থলুৱা খাদ্য সামগ্রীৰ বিপণীৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে । ডিগবৈৰ পাৰ্শ্বৱৰ্তী অঞ্চল নাজিৰাটিং তামুলী বনগাঁৱৰ কাষতে লাগি থকা ডিব্ৰু নৈৰ পাৰত অনুষ্ঠিত কৰিছে তৃতীয় বাৰ্ষিক নাজিৰাটিং তামুলী পর্যটন উৎসৱ । বনভোজস্থলী ৰূপে খ্যাত নাজিৰাটিং ডিব্ৰু নৈৰ দুয়োপাৰে নতুনকৈ সজাই পৰাই তুলিছে নাজিৰাটিং পর্যটনস্থলীখন ৷
উৎসৱৰ দ্বিতীয় দিনা নাজিৰাটিং তামুলী পর্যটন উৎসৱস্থলীত জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ২০ ফুট সুউচ্চ প্রতিমূৰ্ত্তি(20 feet tall statue of Zubeen Garg) উন্মোচন কৰিব হাৰ্টথ্ৰৱগৰাকীয়ে । নিজেই প্ৰতিমূৰ্ত্তিটো উন্মোচন কৰাৰ উপৰিও সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে । ইতিমধ্যে উন্মোচন হ’ব লগীয়া জুবিন গাৰ্গৰ সুউচ্চ প্ৰতিমূৰ্ত্তিৰ নিৰ্মাণ কাৰ্য সম্পন্ন হৈছে ।
লগতে, নাজিৰাটিং তামুলী পর্যটন উৎসৱৰ অন্তিম দিনা অর্থাৎ ৩ জানুৱাৰীত উক্ত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী, বিধায়কে মুকলি সভাত অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে । নৱবৰ্ষৰ প্রথম তিনিটা দিনৰ আটাইকেইটা দিনতে নাজিৰাটিং তামুলী পর্যটনস্থলীলৈ অসমবাসীক আমন্ত্রণ জনাইছে নাজিৰাটিং তামুলী পর্যটন উৎসৱ পৰিচালনা সমিতিৰ সভাপতি বিধায়ক সুৰেন ফুকনে ৷ প্ৰতিটো দিনতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰাৰ লগতে বহুতো আমন্ত্ৰিত কণ্ঠশিল্পীয়ে সংগীতানুষ্ঠান পৰিৱেশন কৰিব ৷
উল্লেখযোগ্য যে, উক্ত নাজিৰাটিং তামূলী পয্যটনস্থলীত ১৯১৯ চনতে খোৱা পানী প্ৰকল্পৰ নিৰ্মাণ কৰিছিল আৰু তাৰ পাছৰপৰাই উক্ত স্থানলৈ বহু বনভোজৰ দলৰ আগমন ঘটে সেই স্থানলৈ ৷ প্ৰতিবছৰে হাজাৰ হাজাৰ বনভোজকাৰী দলে ভিৰ কৰে নাজিৰাটিং পর্যটনস্থলীত । সেয়েহে পৰ্যটকক আকৰ্ষিত কৰিবলৈ প্ৰতিবছৰে চৰকাৰে আয়োজন কৰে এই নাজিৰাটিং তামুলী পর্যটন উৎসৱৰ ।
উল্লেখ্য যে যোৱা বছৰ কেইটাত ক'ভিড পৰিস্থিতিৰ বাবে অসমৰ পৰ্যটন ক্ষেত্ৰখন একেবাৰে স্তব্ধ হৈ পৰিছিল যদিও শেহতীয়াকৈ পৰ্যটনৰ ক্ষেত্ৰখনত স্বাভাৱিক অৱস্থা ঘূৰি অহা পৰিলক্ষিত হৈছে ৷ সমান্তৰালভাৱে নাজিৰাটিং তামূলী পয্যটনস্থলীলৈও যথেষ্ট পৰ্যটকৰ আগমন ঘটিছে ।