ETV Bharat / state

Nakulmani Sarkar death: সভাত বক্তৃতা ৰাখিবলৈ গৈ ঢলি পৰি মৃত্যুক আঁকোৱালি ল’লে নকুলমণি সৰকাৰে

তিনিচুকীয়া জিলাৰ ছৈখোৱাৰ ধলাত বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ৰাজহুৱা সভাত বক্তৃতা দিবলৈ আহি ডাইচতে ধলি পৰি মৃত্যু বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উপদেষ্টা নকুলমণি সৰকাৰৰ ৷

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 12:29 PM IST

সভাত বক্তৃতা ৰাখিবলৈ গৈ ঢলি পৰি মৃত্যুক আঁকোৱালি ল’লে নকুলমণি সৰকাৰে

তিনিচুকীয়া, ৯ অক্টোবৰ: তিনিচুকীয়া জিলাৰ ছৈখোৱাৰ ধলাত বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ৰাজহুৱা সভাত অঘটন ৷ ধলাৰ খেৰবাৰী বিচনীমুখৰ এখন সভাত বক্তৃতা ৰাখিবলৈ গৈ ঢলি পৰি মৃত্যুক আঁকোৱালি ল’লে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উপদেষ্টাই ৷

ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে শদিয়া সমষ্টিত বসবাস কৰা বাংলাভাষী ৰাইজৰ ভূমি অধিকাৰৰ দাবীত ছৈখোৱা আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু বিচনীমুখ খেৰবাৰী ভূমি অধিকাৰ সুৰক্ষা মঞ্চৰ উদ্যোগত বিচনীমুখ খেৰবাৰী প্ৰাথমিক বিদ্যালয় খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা । এই সভাতে বক্তৃতা ৰাখিবলৈ গৈ বিচনিমুখ খেৰবাৰী অঞ্চলৰ লগতে সংগঠনটোৰ ছৈখোৱা আঞ্চলিক সমিতিৰ উপদেষ্টা তথা ছৈখোৱা সমবায় সমিতিৰ প্ৰাক্তন সভাপতি নকুলমণি সৰকাৰে উচ্চ ৰক্তচাপ জনিত কাৰণত অচেতন হৈ ঢলি পৰে । লগে লগে সভাথলীত হুলস্থুলীয়া পৰিস্থিতিৰ উদ্ভৱ হয় ৷

ততাতৈয়াকৈ সৰকাৰক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হয় বুলি চিকিৎসকে ঘোষণা কৰে ৷ তেওঁৰ মৃত্যুৰ বাতৰি পাই সভাখনৰ উদ্যোক্তা সকলে সভাখন আধাতে সামৰণি মাৰে । ইয়াৰ লগতে সংগঠনটোৰ ফালৰ পৰা মৃতকৰ আত্মাৰ প্ৰতি সন্মান জনাই গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে কেন্দ্ৰীয় সম্পাদক অজিত দেৱনাথে ৷

উল্লেখ্য যে, হিন্দু বাঙালী লোকসকলে বসবাস কৰা ঠাই সমূহত যাতে ভূমি অধিকাৰ প্ৰদান কৰা হয়, সকলো সমস্যা যাতে নিৰ্মূল হয় এই সমূহ দাবী সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনাবলৈ এই সভাখনিৰ আয়োজন কৰা হৈছিল ৷ এই সভাতে হিন্দু বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সম্পাদক অজিত নাথে বাঙালী হিন্দু বিধায়কসকলকো কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

লগতে পঢ়ক: Sikkim Flood: ছিকিমত আৱদ্ধ অসমৰ ১২৪ গৰাকী শিক্ষাৰ্থী সুৰক্ষিতভাৱে গুৱাহাটীত উপস্থিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.