তিনিচুকীয়া, ১০ জানুৱাৰী: মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় খেলপথাৰত যোৱা ৬ আৰু ৭ জানুৱাৰীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত মাৰ্ঘেৰিটা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ তৃতীয় দ্বি-বাৰ্ষিক অধিবেশন আৰু গোৰ্খা জাতীয় সমাৰোহত জাতীয় সংস্কৃতিৰ নামত চলিল অপসংস্কৃতি । সংগঠনটোৱে ৭ জানুৱাৰীৰ নিশা আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত নেপালৰ পৰা আমদানীকৃত স্বল্পবসনা যুৱতীৰ সংগীতৰ অনুস্থানত সংস্কৃতিৰ নামত অপসংস্কৃতিক আদৰাহে পৰিলক্ষিত হয় । মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই উদ্বোধন কৰা এই সাংস্কৃতিক অনুষ্ঠানত নেপালৰ পৰা অহা স্বল্পবসনা যুৱতী শিল্পীয়ে পৰিবেশন কৰিছিল গীতৰ শৰাই ।
সংস্কৃতিৰ নামত প্ৰদৰ্শিত এনে অপসংস্কৃতিৰ দৃশ্যই এতিয়া নিৰাশ কৰিছে মাৰ্ঘেৰিটাবাসীক । সম্প্ৰতি এই ঘটনাক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছে । গোৰ্খা ছাত্ৰ সন্থাৰ একাংশ বিষয়ববীয়াৰ মাজতো দেখা দিছে অসন্তুষ্টিৰ । বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহনীয়া সংস্কৃতিৰে সমৃদ্ধ মাৰ্ঘেৰিটাত এনে অপসংস্কৃতিৰ প্ৰদৰ্শনক একেমুখে সমালোচনা কৰিছে সচেতন মহলেও । অন্যহাতে উক্ত অনুষ্ঠানতে বিধায়ক ভাস্কৰ শৰ্মাই উগ্ৰ ভাষণ দিয়াৰো অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়ক: সোমবাৰে শিলচৰলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা