ETV Bharat / state

Motok Bihu 2023: ঐতিহাসিক মৰুৎ নন্দন কাননত মটক জনগোষ্ঠীৰ গছতলৰ বিহু - AASU GS

ঐতিহাসিক মৰুৎ নন্দন কাননত মটক জনগোষ্ঠীৰ পৰম্পৰাগত গছতলৰ বিহুৰে উখলমাখল পৰিবেশ (Gastolor Bihu at Tinsukia)৷ গাভৰুৰ বিহুনাচেৰে সৃষ্টি কৰিলে এক ব্যতিক্ৰম পৰিৱেশৰ।

Gastolor Bihu at Tinsukia
মৰুৎ নন্দন কাননত মটক জনগোষ্ঠীৰ পৰম্পৰাগত গছতলৰ বিহু
author img

By

Published : May 8, 2023, 8:41 AM IST

মৰুৎ নন্দন কাননত মটক জনগোষ্ঠীৰ পৰম্পৰাগত গছতলৰ বিহু

তিনিচুকীয়া, ৮ মে': তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত অষ্টমবাৰৰ বাবে দেওবাৰে ঐতিহাসিক মৰুৎ নন্দন কাননত অনুষ্ঠিত মটক জনগোষ্ঠীৰ পৰম্পৰাগত গছতলৰ বিহু (All Assam Motok Student Union) ৷ গছতলৰ বিহুত মটক জনগোষ্ঠীৰ পৰম্পৰাগত হুঁচৰি পৰিবেশন কৰাৰ লগতে তিনিচুকীয়া, ডিব্ৰুগড় জিলাৰ সহস্ৰাধিক গাভৰুৱে ইয়াত অংশগ্ৰহণ কৰে । ডেকাসকলেও বিহুনাম জোৰে (Bihu of Motok at Tisukia) ৷

মটক জনগোষ্ঠীৰ পৰম্পৰাগত গছতলৰ বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থতেই আয়োজন কৰি অহা হৈছে এই মটক জনগোষ্ঠীৰ গছতলৰ বিহু ৷ উল্লেখযোগ্য যে, জিলাখনৰ মটক জনগোষ্ঠী অধ্যুষিত বিভিন্ন অঞ্চলৰ পৰা ৩৫ টাকৈ গাভৰুৰ দলে উক্ত গছতলৰ বিহুত অংশগ্ৰহণ কৰে ৷ ৩৫ খনকৈ গছতলৰ বিহুখোলাত বিভিন্ন স্থানৰ পৰা ডেকাসকলে থলুৱা বিহুনাম জুৰি গাভৰুসকলক বিহু নচুৱায় ৷

তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি জিন্তু বৰগোহাঁই আৰু সাধাৰণ সম্পাদক সঞ্জয় গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত গছতলৰ বিহুৰ লগত সংগতি ৰাখি “বিহুখোলা” নামেৰে এখনি স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয় ৷ সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোঁহায়ে স্মৃতিগ্ৰন্থখনি উন্মোচন কৰাৰ সময়ত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা (AASU GS), অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই (AJYCP president), মটক স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ স্বৰোজ গোঁহাই, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোঁহাই, দিচাম দেৱসত্ৰৰ দৌতা বাবুল দহোতীয়া দৌতা, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণৰ লগতে মটক জনগোষ্ঠীৰ ভাতৃভগ্নী সংগঠনসমূহৰ নেতৃত্ব আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

আনহাতে, অসমৰ জনপ্ৰিয় অভিনেতা মোহনখ্যাত দ্বীপজ্যোতি কেওট, নয়ন নীলিম, অভিনেত্ৰী সুস্মিতা কৌশিকে উপস্থিত থাকি ডেকা-গাভৰুসকলৰ সৈতে গছতলৰ বিহুত অংশগ্ৰহণ কৰে ৷ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইও এফাঁকিকৈ বিহু জুৰিলে ৷ সেই সময়তে উপস্থিত হয় তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ৷

লগতে পঢ়ক:Cough syrup seized: বৃহৎ পৰিমাণৰ কফ চিৰাপসহ সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.