ETV Bharat / state

Motivation program: ১১৬ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ অভিৰোচন অনুষ্ঠান সম্পন্ন

তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তথা শিক্ষা বিভাগৰ সহযোগত আৰোহন আঁচনিৰ অধীনত জিলাখনৰ ১১৬ খন বিদ্যালয়ৰ অষ্টমৰ পৰা নৱম শ্ৰেণীলৈ প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক লৈ অভিৰোচন অনুষ্ঠান অনুষ্ঠিত কৰে ৷

Etv Bharat১১৬ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ অভিৰোচন অনুষ্ঠান সম্পন্ন

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 9:27 AM IST

তিনিচুকীয়া, ৫ অক্টোবৰ: তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত বৃহস্পতিবাৰে আৰোহন আঁচনিৰ অন্তৰ্গত ২০২৩-২৪ বৰ্ষৰ নিৰ্বাচিত "মেন্টী" সকলৰ সৈতে এক অভিৰোচন অনুষ্ঠান অনুষ্ঠিত হয়। তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত সন্মিলন কেন্দ্রত অনুষ্ঠিত এই অভিৰোচন অনুষ্ঠানত তিনিচুকীয়া জিলাৰ ১১৬ খন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে মেন্টী হিচাপে অংশগ্ৰহণ কৰে।

১১৬ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ অভিৰোচন অনুষ্ঠান সম্পন্ন

জিলা আয়ুক্ত স্বপ্নীল পালে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপ কৰাৰ লগতে ভৱিষ্যতে এজন সফল ব্যক্তি তথা এজন সুনাগৰিক হ’বলৈ কিদৰে আহোপুৰুসাৰ্থ কৰিব লাগিব সেই বিষয়ে বিশদভাৱে মন্তব্য আগবঢ়ায়। জিলা আয়ুক্তগৰাকীয়ে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকে সৎ, কৰ্তব্যপৰায়ণ আৰু শৃংখলাবদ্ধ হ’বলৈ পৰামৰ্শ দিয়ে।

জীৱনত সফলতা অৰ্জন কৰিবলৈ হ’লে ছাত্ৰ-ছাত্ৰীসকলক আত্মবিশ্বাসী হোৱাৰ লগতে জীৱনৰ লক্ষ্য স্থিৰ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। জিলা আয়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক জীৱনত কেতিয়াও হতাশ নহ’বলৈ আৰু স্বাস্থ্যৰ প্ৰতি সচেতন হ’বলৈয়ো পৰামৰ্শ আগবঢ়ায়।

আনহাতে, প্ৰতিগৰাকী মেন্টীয়ে এগৰাকী মেন্টৰৰ তত্বাৱধানত আগন্তুক শৈক্ষিক জীৱন সফলতাৰে আগুৱাই লৈ যোৱাৰ ক্ষেত্রত আৰোহন আঁচনিখনে বিশেষ বৰঙনি যোগাবলৈ সক্ষম হ’ব বুলি জিলা আয়ুক্তগৰাকীয়ে আশা প্ৰকাশ কৰে।

এই অনুষ্ঠানত উপস্থিত থাকে ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধক্ষ্য ডাঃ অমৰজিৎ শইকীয়া। অধক্ষ্যগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলে কোনোধৰণৰ মানসিক চাপ নোলোৱাকৈ মনপুতি পঢ়া-শুনা কৰি একো একোজন সু নাগৰিক হিচাপে নিজকে গঢ়িবলৈ আহ্বান জনায়। জিলা প্ৰশাসনৰ তৰফৰ পৰা উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱাৰ লগতে উপহাৰো প্ৰদান কৰা হয়।

অভিৰোচন অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নিজে প্ৰস্তুত কৰা বিজ্ঞান ভিত্তিক আৰ্হিসমূহৰ এক প্ৰদৰ্শনীও অনুষ্ঠিত হয়। এই অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত চিন্ময় পাঠক, নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়া, সহকাৰী আয়ুক্তসকল ক্ৰমান্বয়ে দিপাৱলী কুৰ্মী, বন্দিত গগৈ, ভাস্কৰ পেগু, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকা প্ৰমুখ্যে শিক্ষা বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

লগতে পঢ়ক: Anganwadi worker-helper protest: কোকৰাঝাৰত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ধৰ্ণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.