ডুমডুমা, 12 মে’ : উত্তৰ-পূৱৰ অন্যতম বিদ্ৰোহী সংগঠন এনএছচিএন(আইএম)ৰ দুৰ্ধৰ্ষ কেডাৰ আনং চিংফৌ ওৰফে নংপিয়নক আটক ৷ সোমবাৰে পুৱাতেই কেডাৰজনক আটক কৰে 19 নং আছাম ৰাইফলচ আৰু নামপুং আৰক্ষীৰ এটা অভিযানকাৰী দলে ৷
এক স্থানীয় সূত্ৰ আৰু 25 এফ আই টিয়ে খামলাঙৰ পৰা থেৰিমখানৰ মাজৰ স্থানীয় অঞ্চলত কেডাৰজনৰ গতিবিধি নিৰীক্ষণ কৰি সেই খবৰ যোগান ধৰিছিল আৰক্ষীক ৷ এই তথ্যৰ ভিত্তিতেই নিশা যুটীয়াভাৱে অভিযান চলায় 19 নং আছাম ৰাইফলছ আৰু নামপুং আৰক্ষীৰ এটা দলে ৷
স্থানীয় সূত্ৰই জনোৱা মতে, নামপুঙৰ পৰা 3 কিলোমিটাৰ নিলগৰ থেৰিমখান গাঁৱৰ এটা ঘৰত আশ্ৰয় গ্ৰহণ কৰিছিল আনং চিংফৌৱে ৷ সেনা-আৰক্ষীৰ এটা দলে সেই বিশেষ ঘৰটো ঘেৰি ধৰি অভিযান চলায় আৰু অত্যাধিক নিচাসক্ত অৱস্থাত উদ্ধাৰ কৰে নংপিয়নক ৷ সোমবাৰে পুৱা প্ৰায় আঠ বজাত আটক কৰে অভিযানকাৰী দলটোৱে ৷
এনএছচিএন কেডাৰজনৰ পৰা সেনা-আৰক্ষীয়ে জব্দ কৰে এটা 9 এমএম পিস্তল, 6 জাঁই 9 এম এম পিস্তলৰ গুলী আৰু 3 জাঁই এ কে চিৰিজৰ বন্দুকৰ গুলী, এটা চীনত নিৰ্মিত হেণ্ড গ্ৰেণেড, 3 টা স্মাৰ্ট ফোন, এটা সাধাৰণ ম’বাইল ফোন, এটা পাৱাৰ বেংক, এহেজাৰ নগদ ধন, এখন ছুৰী, 372 গ্ৰাম আফিং আৰু কেতবোৰ আপত্তিজনক নথিপত্ৰ ৷
পৰৱৰ্তী সময়ত জব্দকৃত সামগ্ৰীসহ আনং চিংফৌক নামপুং আৰক্ষীক গটাই দিয়ে অভিযানকাৰী দলটোৱে ৷
লগতে পঢ়ক : মুখ্যমন্ত্রীলৈ পত্র লিখি কি ক’লে বিধায়ক অখিল গগৈয়ে ?