তিনিচুকীয়া, ১৮ অক্টোবৰ: তিনিচুকীয়াৰ জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ফিল'বাৰী তৰাণীৰ দলঙৰ সমীপত মঙলবাৰে এটা মৰ্টাৰ উদ্ধাৰ কৰা হৈছিল ৷ অৰুণ মৰাণ নামৰ এজন লোকৰ পথাৰত ট্ৰেক্টৰেৰে হাল বাই থাকোঁতে মাটিৰ তলত উদ্ধাৰ হৈছিল পুৰণি মৰ্টাৰটো ৷ লগতে মৰ্টাৰটোৰ ভিতৰত উদ্ধাৰ কৰা হৈছিল এখন তথ্য সম্বলিত কাগজো ৷
তাৰ পিচতে পোহৰলৈ আহিছে যে, উদ্ধাৰ হোৱা মৰ্টাৰটো ১৯৪৫ চনত হোৱা দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ 81MM মৰ্টাৰ। তৰাণীৰ খেতিয়ক অৰুণ মৰাণৰ খেতি পথাৰত ট্ৰেক্টৰেৰে হাল বাই থকাৰ সময়ত ফাল মাটিৰ তলত লগাত উদ্ধাৰ হৈছিল 81MM মৰ্টাৰটো, তাৰ পাচতে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷ প্ৰথমে লোকজনে মৰ্টাৰটোক কোনো বৈদ্যুতিকৰ সামগ্ৰী বুলি ভাবিছিল যদিও ঢাকনিখন খুলি দিয়াত মৰ্টাৰ দেখি হতবাক হৈ পৰে ৷
পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষী থানাত খবৰ দিয়াত স্থানীয় আৰক্ষীৰ লগতে ভাৰতীয় সেনা বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৰ্টাৰটো নীৰিক্ষণ কৰে ৷
এই ঘটনাৰ পিচৰপৰাই সমগ্ৰ অঞ্চলত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছিল ৷ বুধবাৰে পুৱাৰ ভাগত ফিল'বাৰী সেনা চাউনী আৰু পেঙেৰী আৰক্ষীৰ উপস্থিতিত ভাৰতীয় সেনাৰ দিনজানস্থিত শিবিৰৰ পৰা বোমা বিশেষজ্ঞৰ দল উপস্থিত হৈ মৰ্টাৰটো নিস্ক্ৰিয় কৰে। উদ্ধাৰ হোৱা 81MM মৰ্টাৰটো আমেৰিকাত নিৰ্মিত। মৰ্টাৰটো নিস্ক্ৰিয় কৰাৰ সময়ত স্থানীয় লোকসকলক প্ৰায় ৫ কিলোমিটাৰ দূৰত্বলৈ আঁতৰাই পঠাই ৷ মৰ্টাৰটো ইমানেই শক্তিশালী আছিল যে বিষ্ফোৰণৰ শব্দত সমগ্ৰ ফিল’বাৰী অঞ্চলৰ লগতে প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বলৈকে কম্পমান সৃষ্টি হয় ৷
স্থানীয় ৰাইজে জানিব দিয়া অনুসৰি ইয়াৰ পূৰ্বেও এই অঞ্চলত উদ্ধাৰ কৰিছিল এনেধৰণৰ অস্ত্ৰ-শস্ত্ৰ। আৰক্ষী তথা সেনাবাহিনীৰ তথ্য অনুসৰি এইসমূহ অস্ত্ৰ-শস্ত্ৰ অন্য দেশে নিক্ষেপ কৰা নহয়, এইসমূহ নিজৰে সেনা বাহিনীয়ে ১৯৪৫ চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যুগুত কৰি ৰখা হৈছিল কিম্বা ভূলৱশতঃ থাকি ৰৈছিল।
লগতে পঢ়ক: Mortar recovered: IED ৰ পিচত এইবাৰ চিকৰাজানত মৰ্টাৰ উদ্ধাৰ