ETV Bharat / state

জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ - মৰাণ ছাত্ৰ সন্থা

জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত মৰাণ জনগোষ্ঠীৰ যৌথ সংগঠনৰ প্ৰতিবাদ ৷ মৰাণ জনজাতিয়ে বিভিন্ন সময়ত জনজাতিকৰণৰ দাবীত প্ৰতিবাদ কৰি সাব্যস্ত কৰি আহিছে ৷

জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত মৰাণ জনগোষ্ঠীৰ যৌথ সংগঠনৰ প্ৰতিবাদ

author img

By

Published : Jul 28, 2021, 9:55 PM IST

তিনিচুকীয়া, 28 জুলাই : বিভিন্ন সময়ত মৰাণ জনজাতিয়ে বিভিন্ন সময়ত জনজাতিকৰণৰ দাবীত প্ৰতিবাদ কৰি আহিছে । কিন্তু আজি পর্যন্ত আনুষ্ঠানিকভাৱে তেওঁলোকৰ দাবীসমূহে কোনো গুৰুত্ব পোৱা নাই । সেয়ে বুধবাৰে তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে মৰাণ জনগোষ্ঠীৰ যৌথ সংগঠনে ৷

জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ

মৰাণ জনজাতিক অতি শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব প্ৰদান কৰা, ৰাজ্যখনৰ বৰ্তমানৰ জ্বলন্ত সমস্যা বান-খহনীয়াৰ স্থায়ী সমাধান, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা আৰু কেঁচা চাহপাতৰ উচিত মূল্য নিৰ্ধাৰণৰ দাবীত অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চ আৰু মৰাণ সাহিত্য সভাৰ যৌথ উদ্যোগত এক বৃহৎ প্ৰতিবাদী কায্যসূচী গ্ৰহণ কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মৰাণ জনগোষ্টীৰ 6 টা সংগঠনে অসম চৰকাৰলৈ আহ্বান জনায় যে মৰাণ জনগোষ্ঠীৰ দাবীসমূহ অতি শীঘ্ৰে সমাধান কৰিব লাগে ৷

লগতে পঢ়ক: মিজোৰামৰ বিৰুদ্ধে ধূলাত নেমছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.