ETV Bharat / state

Protest for PRC : স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদানৰ দাবী, অৰুণাচলত মৰাণ জনগোষ্ঠীৰ উত্তাল প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 8:33 PM IST

স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদানৰ দাবীত অৰুণাচল প্ৰদেশৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ মৰাণ জনগোষ্ঠীৰ ৰাইজ ৷ নামচাই জিলাৰ মহাদেৱপুৰ লেকাঙত ৰাজহুৱা সভাৰ লগতে প্ৰতিবাদকাৰী সকলে বাহিৰ কৰে এক প্ৰতিবাদী সমদল ৷

Moran Community of Arunachal Pradesh Holds Protest
অৰুণাচল চৰকাৰক দাবী
স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ দাবীত অৰুণাচলত মৰাণ জনগোষ্ঠীৰ প্ৰতিবাদ

তিনিচুকীয়া, ১২ অক্টোবৰ : বৃহস্পতিবাৰে সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ সভাকে আদি কৰি মৰাণ জনগোষ্ঠীৰ ৬ টাকৈ সংগঠনৰ নেতৃত্বত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদানৰ দাবীত অৰুণাচল প্ৰদেশৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ মৰাণ জনগোষ্ঠীৰ ৰাইজ ৷ অৰুণাচল প্ৰদেশত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বিচাৰি আয়োজন কৰে এখন ৰাজহুৱা সভাও ৷

প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে যে, খিলঞ্জীয়া ভূমিপুত্ৰ হোৱাৰ পাছতো নিজৰে দেশতে শৰণাৰ্থীৰ দৰে বসবাস কৰিব লগীয়া হৈছে অৰুণাচলৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে ৷ অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেৱপুৰ লেকাঙত ৰাজহুৱা সভাৰ লগতে প্ৰতিবাদকাৰী সকলে বাহিৰ কৰে এক প্ৰতিবাদী সমদল ৷ প্ৰতিবাদৰ সময়তে মৰাণ জনগোষ্ঠীৰ ৰাজনৈতিক দল অসম আৰু অৰুণাচলত খুলিব বুলি নেতৃত্বই ঘোষণা কৰে আৰু অতি সোনকালে অৰুণাচলত বসবাস কৰা মৰাণ জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ অৰুণাচল চৰকাৰক দাবী উত্থাপন কৰে ৷

সমান্তৰালভাৱে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ অৰুণাচলৰ মৰাণ ছাত্ৰ সন্থাৰ আহ্বান, অৰুণাচলত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদানৰ সন্দৰ্ভত অৰুণাচল চৰকাৰৰ সৈতে আলোচনা কৰক অন্যথা মহাদেৱপুৰসহ লেকাঙক অসমত চামিল কৰক ৷ সহস্ৰাধিক মৰাণ জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰা বিশাল প্ৰতিবাদী সমদলত মৰাণ ছাত্ৰ সন্থাই হুংকাৰ প্ৰদান কৰে যে শীঘ্ৰেই মৰাণ জনগোষ্ঠীৰ লোকসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান নকৰিলে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব অৰুণাচল চৰকাৰ ৷

ইফালে অৰুণাচলৰ মৰাণ ছাত্ৰ সন্থাই স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যৰ সৈতে গুৱাহাটীত আলোচনা কৰিছিল ৷ আছু নেতা গৰাকীয়ে NESSO ৰ সৈতে এই সন্দৰ্ভত এক আলোচনাত মিলিত হোৱাৰ কথা দিছিল মৰাণ ছাত্ৰ সন্থাক ৷ সমুজ্জল ভট্টাচাৰ্যই তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বুলি মন্তব্য অৰুণাচলৰ মৰাণ ছাত্ৰ সন্থাৰ ৷ বিশাল প্ৰতিবাদী সমদলৰ পাছত লেকাং প্ৰশাসনিক চক্ৰৰ অতিৰিক্ত আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সংগঠনকেইটাই ৷

লগতে পঢ়ক : Amrit Kalash Yatra : ডুমডুমাৰ অমৃত কলহ যাত্ৰালৈ দলেবলে ওলাই আহিল ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.