শদিয়া, 1 ডিচেম্বৰঃ ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে মৰেল পুলিচৰ ঘটনা ৷ বিগত দিনসমূহত মৰেল পুলিচৰ নিৰ্মম অত্যাচাৰৰ বলি হৈ মৃত্যুক সাৱটি লয় কেইবাজনো লোকে ৷ এইবাৰ মৰেল পুলিচৰ ঘটনা সংঘটিত হৈছে শদিয়াত ৷ শদিয়াত মৰেল পুলিচৰ আক্ৰমণত মৃত্যুক আকোৱালি লয় ৰাজু দলে নামৰ এজন যুৱকে ৷ উল্লেখ্য যে, ম’বাইল চুৰিৰ সন্দেহত ৰাজু দলেক শনিবাৰে নিশা কেইজনমান লোকে সোধা-পোছা কৰাৰ বাবে ঘৰৰ পৰা মাতি নিছিল ৷ ঘটনা সন্দৰ্ভত ব্যক্তিকেইজনে যুৱকজনৰ ওপৰত নিৰ্মম অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ আক্ৰমণত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত ৰাজুক পুৱা পৰিয়ালৰ লোকে চপাখোৱা এফ আৰ ইউত ভৰ্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় ৰাজুৱে ৷
লগতে পঢ়ক- এন আৰ চিৰ নামত অবৈধ ধন সংগ্ৰহকাৰীক গ্ৰেপ্তাৰ