ETV Bharat / state

মহিলাক অশালীন ব্যৱহাৰ কৰি ৰঙাঘৰত প্ৰধান শিক্ষক

author img

By

Published : Jun 15, 2020, 1:56 PM IST

মহিলাক অশালীন ব্যৱহাৰ কৰি ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে কাকপথাৰৰ এগৰাকী শিক্ষক ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰিছিল খনেশ্বৰ মৰাণ নামৰ শিক্ষকগৰাকীয়ে ৷

molestation at sadiya tinsukia assam etv bharat news
ৰঙাঘৰত প্ৰধান শিক্ষক

শদিয়া,15 জুন: এগৰাকী বিধৱা মহিলাক অশালীন ব্যৱহাৰ কৰি ৰঙাঘৰৰ আলহী হৈছে কাকপথাৰৰ এখন বিদ্যালয়ৰ এগৰাকী প্ৰধান শিক্ষক ৷ ঘটনাৰ বিৱৰণী অনুসৰি, কাকপথাৰৰ সৰুমেচাই ৰত্নদ্বীপ মধ্য ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক খনেশ্বৰ মৰাণে গন্ধৈগুৰি হাঁহখাটিৰ এগৰাকী মহিলাৰ ঘৰত বৰষুণ দিয়াৰ অচিলাৰে প্ৰৱেশ কৰি অসৎ কাৰ্য চৰিতাৰ্থ পূৰণ কৰাৰ চেষ্টা কৰে ৷ উক্ত কাৰ্য মহিলাগৰাকীৰ পুত্ৰই প্ৰত্যক্ষ কৰাত কথমপি ৰক্ষা পৰে মহিলাগৰাকী ৷

ৰঙাঘৰত প্ৰধান শিক্ষক

প্ৰধান শিক্ষকজনৰ এনে কাৰ্যত খৰ্গহস্ত পুত্ৰই চুবুৰীয়াক খবৰ দিয়াত ৰাইজে উত্তম-মধ্যম শোধাই শিক্ষকজনক চমজাই দিয়ে আৰক্ষীক ৷ ইতিমধ্যে মহিলাগৰাকীয়ে স্থানীয় আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তক আটক কৰি প্ৰেৰণ কৰে জেল হাজোতলৈ ৷ শিক্ষকৰ দৰে মহান বৃত্তিত জড়িত লোকজনৰ কৰ্মকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ কাকপথাৰত ৷

লগতে চাওকঃ অসমত কোভিড-19 ৰ শেহতীয়া পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.