ETV Bharat / state

বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন বিধায়ক বলিন চেতিয়াৰ - শদিয়া

বিধায়ক বলিন চেতিয়াই বানৰ কবলত পৰা ঠাই সমূহ পৰিদৰ্শন কৰাৰ লাগতে বান শিবিৰ সমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ অভাৱ-অভিযোগৰ বিষয়ে বুজ লয় ৷

বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন বিধায়ক বলিন চেতিয়াৰ

author img

By

Published : Jun 28, 2020, 5:39 AM IST

শদিয়া, 28 জুনঃ ৰাজ্যত যোৱা কেইদিনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে শদিয়া সমষ্টিৰ প্ৰায় বিলাক অঞ্চল ৷ সমষ্টিটোৰ বিধায়ক বলিন চেতিয়াই সমষ্টিটোত বানৰ কবলত পৰা ঠাই সমূহ পৰিদৰ্শন কৰাৰ লাগতে বান শিবিৰ সমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ অভাৱ-অভিযোগৰ বিষয়ে বুজ লয় ৷

বানাক্ৰান্তৰ অভিযোগ দাখিল বিধায়কৰ সমুখত

শদিয়া সমষ্টিৰ কাকপথাৰ, মাইথং, ডিৰাক, আঢ়ৈমুৰীয়া, গাখিৰভেটি, ন বৰমুৰা, তালাপ, হাহঁখাটি পঞ্চায়তৰ অন্তৰ্গত শিবিৰ সমুহ পৰিদৰ্শন কৰি নিজাববীয়াকৈ সহায়ৰ হাত আগবঢ়োৱাৰ লগতে জিলা উপায়ুক্তৰ যোগেদি শিবিৰ সমুহত খাদ্য সামগ্ৰী প্ৰেৰণৰ ব্যৱস্থা কৰা বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে ৷

বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন বিধায়ক বলিন চেতিয়াৰ

শিবিৰ পৰিদৰ্শনৰ লগতে বিভিন্ন ঠাইত পানীৰ ফলত ভাগি যোৱা দলং, পুল, পথ ইত্যাদিও পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লৈ সমাধান কৰাৰ আশ্বাস দিয়ে ৷ সমষ্টিটোৰ প্ৰতিটো সমস্যা, দুৰ্যোগৰ সময়ত তেওঁ সমষ্টিবাসীৰ লগত থাকিব আৰু বানৰ পৰা হোৱা ক্ষয়-ক্ষতি সমুহৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ উচিত ব্যৱস্থা কৰা হব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ৷

লগতে বৰ্তমানে হোৱা বানপানীক তেওঁ বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানপানী আখ্যা দি মাথাউৰি সমূহ নিৰাপদে থকা বুলি উল্লেখ কৰে ৷ তাৎপৰ্যপূৰ্ণ ভাৱে বিধায়ক গৰাকীয়ে এই কৃত্ৰিম বানপানীক সমষ্টিটোত তেওঁ কটোৱা 20 বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ বানপানী বুলি অভিহিত কৰে ৷

লগতে পঢ়কঃ লক ডাউনঃ মহানগৰীৰ বজাৰত গ্ৰাহকৰ ভিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.