ETV Bharat / state

Amrit kalash Yatra : বুঢ়ীদিহিঙত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ বিধায়ক সুৰেণ ফুকনৰ - amrit kalash Yatra at Digboi

বুঢ়ীদিহিং গাঁও পঞ্চায়তত "মোৰ মাটি মোৰ দেশ"ৰ সমদলত বিধায়ক সুৰেণ ফুকন ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান হাপজান উন্নয়ন খণ্ডৰ উদ্যোগত যজ্ঞোখোৱাত "অমৃত কলহ যাত্ৰা"ৰ লগত সংগতি ৰাখি বিশাল সমদল বাহিৰ কৰা হয় ৷

Amrit kalash Yatra
বুঢ়ীদিহিঙত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ বিধায়ক সুৰেণ ফুকনৰ
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 6:56 PM IST

বুঢ়ীদিহিঙত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ বিধায়ক সুৰেণ ফুকনৰ

তিনিচুকীয়া, 28 ছেপ্টেম্বৰ : আমাৰ ভেঁটি-মাটিৰ ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা দেশ মাতৃৰ সেৱক শ্বহীদ সকলৰ স্মৃতিত দেশৰ ৰাজধানীত ‘অমৃত বাটিকা’ উদ্যান ৷ সেয়ে দেশৰ প্ৰতিঘৰ পৰিয়ালৰ পৰা এমুঠি মাটি অমৃত কলহৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে ৷

সেইস্বৰূপে বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বুঢ়ীদিহিং গাঁও পঞ্চায়তত অমৃত কলহত মাটি সংগ্ৰহৰ কাৰ্য অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত গায়ন বায়ন দলৰ লগতে বৃহৎ সংখ্যক ৰাইজৰ উপস্থিতিত ডিগবৈৰ বিধায়ক সুৰেণ ফুকনে অংশগ্ৰহণ কৰে ৷ বিধায়ক সুৰেণ ফুকনে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি ঘৰে ঘৰে মাটি সংগ্ৰহ কৰে ৰাইজৰ লগত ৷

আজিৰ কাৰ্য্যসূচীত বিধায়ক সুৰেণ ফুকনৰ সৈতে বুঢ়ীদিহিং পঞ্চায়তৰ সভানেত্ৰী সোণমাই মৰাণ, জিলা পৰিষদৰ সদস্যা ভানু সোণোৱাল, ৰশ্মি ৰেখা দহোটীয়া, পানীখোৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুনু হালৈ, বৰবিল গাঁও পঞ্চায়তৰ সভানেত্ৰী তৃষ্ণা বৈৰাগী ফুকন, হাপজান সদৰ মণ্ডলৰ সাধাৰণ সম্পাদক ধীৰাজ গগৈ, হাপজান সদৰ মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰী নিৰু মৰাণ, সম্পাদিকা স্মৃতি দাসৰ লগতে বৃহৎ সংখ্যক ভকত, আইমাতৃ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷

সমান্তৰালভাৱে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান হাপজান উন্নয়ন খণ্ডৰ উদ্যোগত বাৰেকুৰি গাঁও পঞ্চায়তৰ বিভিন্ন গাঁওৰ আত্মসহায়ক গোটৰ সদস্যাসকলে যজ্ঞোখোৱা গাঁৱত এক বিশাল "অমৃত কলহ যাত্ৰা" বাহিৰ কৰে ।

দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বৃহস্পতিবাৰে আত্মসহায়ক গোটৰ কেইবা শতাধিক সদস্যাৰ লগতে পদুমনি শিৱিৰৰ অৰ্ধসামৰিক বাহিনী, বাৰেকুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী নিকুঞ্জ মহন্ত চেতিয়া, স্থানীয় কেইবাগৰাকীও গাঁওপ্ৰধানৰ লগতে বহু লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:ULFA I cadre surrendered: নটা বৰ্ষ সশস্ত্ৰ সংগ্ৰাম কৰা আলফা(স্বাঃ)ৰ কেডাৰ চন্দন অসমৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.