ডুমডুমা, 30 ছেপ্টেম্বৰঃ ২৪ জুনত ধাৰাষাৰ বৰষুণৰ পানীৰ প্ৰবল সোঁতত খহি পৰা ডুমডুমা-বাঘজান মুখ্য সংযোগী পথৰ ৰূপাই চাহ বাগিচাৰ সমীপৰ দলংখন তিনি মাহ ওকলি যোৱাৰ পাছতো মেৰামতি নহ'ল । ফলস্বৰূপে দিঘলতৰং, বাঘজান, দিয়ামুলি, ৰূপাই আদিৰ দৰে বৃহৎ চাহ বাগিছাৰ লগতে প্ৰায় ২০ খন গাঁৱৰ সাধাৰণ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী জীয়াতু ভূগিব লগা হৈছে । দল-সংগঠন সমূহৰ দাবী-প্ৰতিবাদ আদিকো গুৰুত্ব নিদিয়া চৰকাৰখনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বিধায়ক দূৰ্গা ভূমিজ ।
লগতে পঢ়কঃ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক’ভিড প্ৰট’কল ভংগৰ অভিযোগ
ডুমডুমা সমষ্টিৰ এখন গুৰুত্বপূৰ্ণ দলং নিৰ্মানত হেমাহিৰ অভিযোগত চৰকাৰৰ বিৰোধিতাৰে বুধবাৰে ৪ ঘন্টীয়া এক অৱস্থান ধৰ্মঘটত বঢ়ে কংগ্ৰেছী বিধায়ক গৰাকীয়ে । ৰূপাই চাহ বাগিচাৰ সমীপৰ ভগ্ন দলংখনৰ কাষতে দলীয় নেতা-কৰ্মী সহ বিধায়ক ভূমিজে অৱস্থান ধৰ্মঘট কৰি সমষ্টিৰ ভগ্ন দলং-পথ সমূহ নিৰ্মানৰ লগতে সমষ্টিৰ কেইবাটাও জ্বলন্ত সমস্যা সমাধানৰ দাবী জনাই । বাঘজানৰ অগ্নিকাণ্ড শীঘ্ৰে নিৰ্বাপন, অগ্নিকাণ্ডত ক্ষতিগ্ৰস্থ সকলক ক্ষতিপূৰণ প্ৰদান, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেইবাখনো আঁচনি ডুমডুমা সমষ্টিত বলবৎ কৰা আদিৰ দাবীৰে বিধায়কগৰাকীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।