ETV Bharat / state

ডিৰাক-চুমণি মথাউৰিৰ জিঅ' বেগ স্থাপনৰ কামৰ বুজ ললে বিধায়ক বলিন চেতিয়াই - জিঅ' বেগৰ কাম

দেওবাৰে শদিয়াৰ বিধায়ক বলিন চেতিয়াই জিঅ' বেগৰ কামৰ অগ্ৰগতিৰ বুজ লবলৈ সেই ঠাইত উপস্থিত হয় । বিধায়ক গৰাকীয়ে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাসহ বিষয়া কৰ্মচাৰীৰ সৈতে আলোচনা কৰি বাকী থকা কাম শীঘ্ৰেই সম্পুৰ্ণ কৰাৰ নিৰ্দেশনা দিয়ে ।

mla-bolinchetia-inspact-embakment
ডিৰাক-চুমণি মথাউৰিৰ জিঅ' বেগ স্থাপনৰ কামৰ বুজ ললে বিধায়ক বলিন চেতিয়াই
author img

By

Published : May 17, 2020, 6:17 PM IST

শদিয়া, 17 মে‘ : তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰু ধলা অঞ্চলৰ শতাধিক গাঁৱৰ ৰাইজৰ বাবে ভাবুকি স্বৰূপ হৈ পৰা ন দিহিং নদীৰ ডিৰাক -চুমণি মথাউৰিৰ সংকটপূৰ্ণ হৈ থকা চাৰিটা অংশৰ খহনীয়া ৰোধৰ বাবে অসম চৰকাৰৰ বান নিয়ন্ত্ৰণ বিভাগে প্ৰায় চাৰি কোটি পঞ্চাচ লক্ষাধিক টকাৰ আবণ্টন দিছিল । আবণ্টিত জিঅ' বেগৰ কাম খৰালিৰে পৰা আৰম্ভ হৈছিল যদিও কাম শামুকীয়া গতিৰে চলি আহিছিল । সম্প্ৰতি বাৰিষাৰ দিন চমু চাপি অহাত ঠিকাদাৰ আৰু জলসম্পদ বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবে এই কাম মাত্ৰ প্ৰায় 40 শতাংশহে সম্পুৰ্ণ হোৱাৰ বিষয়ে শদিয়া সমষ্টিৰ বিধায়কৰ দৃষ্টিগোচৰ হোৱাত ক্ষুণ্ণ হৈ পৰে বিধায়কগৰাকী । বিভাগীয় বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ এনে কামত অসন্তুষ্ট হৈ যোৱা ৮ মে'ত স্বয়ং বিধায়ক গৰাকীয়ে মথাউৰিত উপস্থিত হৈ জিঅ'বেগৰ কামৰ লেহেমীয়া গতি আৰু দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে সদৰি কৰাত সংশ্লিষ্ট বিভাগ আৰু ঠিকাদাৰৰ গা লৰে ।

ডিৰাক-চুমণি মথাউৰিৰ জিঅ' বেগ স্থাপনৰ কামৰ বুজ ললে বিধায়ক বলিন চেতিয়াই

আনকি এক সপ্তাহৰ পিছত পুনৰ কামৰ অগ্ৰগতিৰ খতিয়ান ল'বলৈ মথাউৰি পৰিদৰ্শন কৰাৰ কথাও জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ৷ সেইমৰ্মে দেওবাৰে শদিয়াৰ বিধায়ক বলিন চেতিয়াই জিঅ' বেগৰ কামৰ অগ্ৰগতিৰ বুজ লবলৈ সেই ঠাইত উপস্থিত হয় । বিধায়ক গৰাকীয়ে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাসহ বিষয়া কৰ্মচাৰীৰ সৈতে আলোচনা কৰি বাকী থকা কাম শীঘ্ৰেই সম্পুৰ্ণ কৰাৰ নিৰ্দেশনা দিয়ে । বিধায়ক গৰাকীয়ে কামৰ এই অগ্ৰগতিত সন্তুষ্টি ব্যক্ত কৰি বাকী থকা কামো সম্পুৰ্ণ কৰাৰো নিৰ্দেশনা দিয়ে ।

স্মৰ্তব্য যে, বিগত বৰ্ষত মন্ত্ৰী কেশৱ মহন্তই নিজেই মথাউৰি পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ ক্ষেত্ৰত জিঅ' বেগৰ কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিয়া অনুসৰিয়েই কামৰ আবণ্টন দিছিল ।

লগতে পঢ়ক : গুৱাহাটীত অধ্যয়নৰত ছাত্ৰী ত্ৰিপুৰাত কোভিড-১৯ পজিটিভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.