ETV Bharat / state

লাইকা দধিয়াবাসীৰ সংস্থাপনৰ বাবে কি সিদ্ধান্ত ল’লে চৰকাৰে ? - ৰনুজ পেগু

বৃহস্পতিবাৰে টিএমপিকে, এমএমকে আৰু টিএমএমকেৰ সৈতে আলোচনাত মিলিত হয় ৰাজহ মন্ত্ৰী যোগেন মহন, ধেমাজিৰ বিধায়ক ৰনুজ পেগু আৰু চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা ৷ তিনিচুকীয়াৰ লাইকা দধিয়াবাসীক পুনৰ সংস্থাপন দিয়াক লৈ আলোচনাত মিলিত হৈছে নেতা-মন্ত্ৰীসকল ৷

minister visited to laika dadhiya
লাইকা দধিয়াবাসীৰ সংস্থাপনৰ বাবে কি সিদ্ধান্ত ল’লে চৰকাৰে ?
author img

By

Published : Jan 28, 2021, 9:37 PM IST

Updated : Jan 28, 2021, 10:50 PM IST

তিনিচুকীয়া,28 জানুৱাৰী : লাইকা দধিয়াবাসীক পুনৰ সংস্থাপন দিয়াৰ উদ্দেশ্যে বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত টিএমপিকে, এমএমকে আৰু টিএমএমকেৰ সৈতে আলোচনাত মিলিত হয় ৰাজহ মন্ত্ৰী যোগেন মহন, ধেমাজিৰ বিধায়ক ৰনুজ পেগু আৰু চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই ।

সংবাদমেলৰ জৰিয়তে মন্ত্ৰী যোগেন মহনে জনায় যে, লাইকা দধিয়াবাসীক পুনৰ সংস্থাপন দিবলৈ ইতিমধ্যে চৰকাৰে ৰূপৰেখা প্ৰস্তুত কৰিছে । লগতে টিএমপিকে, এমএমকে আৰু টিএমএমকেৰ উদ্যোগত হোৱা প্ৰতিবাদ স্থগিত ৰখা হৈছে ৷

লাইকা দধিয়াবাসীৰ সংস্থাপনৰ বাবে কি সিদ্ধান্ত ল’লে চৰকাৰে ?

আনফালে লাইকা দধিয়াৰ প্ৰতিবাদস্থলীত মন্ত্ৰী যোগেন মোহন উপস্থিত হোৱাৰ পাচতে দেখা গ’ল লাইকা দধিয়াবাসীৰ অসন্তুষ্টি । ৰাইজে প্ৰতিবাদস্থলীৰ পৰাই বিধায়ক ৰনুজ পেগুৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷

ৰাজ্য চৰকাৰে 31 জানুৱাৰীৰ ভিতৰত লাইকা দধিয়াবাসীক পুনৰ সংস্থাপনৰ সমাধান উলিয়াবৰ বাবে এখন কমিটী গঠন কৰি দিছিল । সেই অনুসৰি কমিটীয়ে বন বিভাগৰ পৰা 30 টা স্থান প্ৰস্তাৱ হিচাপে গ্ৰহণ কৰিছিল । ইয়াৰে ভিতৰত তিনিচুকীয়াৰ নামফাই পাহাৰ পুৰ আৰু লখিমপুৰ পাভ বনাঞ্চলৰ আডাখনাও অন্তৰ্ভুক্ত ।

লাইকাবাসীৰ তিনিচুকীয়াৰ নামফাই পাহাৰ পুৰত কোনো সমস্যা নাই ৷ কিন্তু দধিয়াবাসীয়ে লখিমপুৰ পাভ বনাঞ্চলৰ আডাখনালৈ যোৱাত আপত্তি কৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত এতিয়াও অব্যাহত আছে প্ৰতিবাদ । ধেমাজিৰ বিধায়ক ৰনুজ পেগুৱে জানিবলৈ দিয়া মতে, চৰকাৰে এই বিষয়ত আলোচনা কৰি পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিব ।

উল্লেখ্য যে, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলা আৰু লাইকা দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ দাবীত টিএমপিকে, এমএমকে আৰু টিএমএমকেৰ উদ্যোগত লাইকা-দধিয়াবাসীয়ে বিগত বৰ্ষৰ 20 ডিচেম্বৰত এক বিশাল গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছিল । প্ৰতিবাদৰ কোনো ইতিবাচক উত্তৰ নাপাই উপায়ুক্ত কাৰ্যালয়ৰ সমীপত জানমুখ লেজাইহোলা চৰকাৰী 12 নং দাগৰ প্ৰায় দহ বিঘাতকৈ অধিক মাটিত 21 ডিচেম্বৰৰ পৰা আজি পৰ্যন্ত অৰ্থাৎ 38 দিন ধৰি অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ।

প্ৰায় 14 শ 80 টা পৰিয়ালে জীয়াই থকাৰ অধিকাৰ আৰু বসবাস কৰিবলৈ এডোখৰ মাটিৰ লগতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে সংৰক্ষণ কৰাৰ দাবীত দিনে নিশাই এই প্ৰতিবাদ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : বশিষ্ঠত ভয়াৱহ অগ্নিকাণ্ড : ভাড়াঘৰসহ কাৰখানা ভস্মীভূত

Last Updated : Jan 28, 2021, 10:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.