ETV Bharat / state

গুণোৎসৱ কাৰ্যসূচীত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস - GUNOTSAV 2024

তিনিচুকীয়াত গুণোৎসৱৰ কাৰ্যসূচীত উপস্থিত অভিভাৱক মন্ত্ৰী তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । মাকুম নিম্ন বুনিয়াদী বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত উপস্থিত হৈ ছাত্ৰ ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী লগত মত বিনিময়ৰ সমান্তৰালকৈ মধ্যাহ্ন ভোজনৰ সোৱাদ লয় মন্ত্ৰীগৰাকীয়ে ।

OCCASION OF GUNOTSAV
মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 8:26 AM IST

Updated : Jan 13, 2024, 9:13 AM IST

গুণোৎসৱ কাৰ্যসূচীত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

তিনিচুকীয়া, 13 জানুৱাৰী: ৰাজ্যজুৰি অব্যাহত গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী । এই কাৰ্যসূচীৰ অংশ হিচাপে শুকুৰবাৰে তিনিচুকীয়াত উপস্থিত হয় অভিভাৱক মন্ত্ৰী তথা খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ মন্ত্ৰীগৰাকীয়ে পোন প্ৰথমে হাপজান উন্নয়ন খণ্ডৰ নৱ জাগৃতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । তাৰ পাছত মাকুম নিম্ন বুনিয়াদী বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত বিনিময় কৰে ।

মন্ত্ৰী দাসে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনালয় পৰ্যবেক্ষণ কৰি ভোজনৰ সোৱাদ লোৱা পৰিলক্ষিত হয় । অভিভাৱক মন্ত্রীগৰাকীয়ে মাকুম নিম্ন বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়খনৰ পুথিভঁৰাল, ছাত্ৰ-ছাত্ৰীসকলে নিজ হাতে বনোৱা বিভিন্ন সামগ্ৰীসমূহৰ উপৰিও বিভিন্ন দিশৰ শলাগ লয় ৷

মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ অভাৱ-অভিযোগসমূহ বুজ লোৱাৰ লগতে ইয়াৰ দূৰীকৰণৰ ক্ষেত্ৰত দিহা পৰামৰ্শ প্ৰদান কৰে । গুণোৎসৱৰ জৰিয়তে শিক্ষা ব্যৱস্থাৰ আন্তঃগাঁঠনি উন্নত হোৱাৰ লগতে অভিভাৱকসকলৰ মাজত সচেতনতা বৃদ্ধি পাইছে বুলি অভিভাৱক মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত দাবী কৰে । উক্ত সময়চোৱাত মন্ত্ৰীগৰাকীক সংগ দিয়ে মাকুম পৌৰপতি বিপাশা বৰাৰ লগতে অন্যান্য দলীয় বিষয়ববীয়াসকলে । পৰৱৰ্তী সময়ত তিনিচুকীয়া বেংগলী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় মন্ত্ৰীগৰাকীয়ে ৷ বিদ্যালয়খনত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীৰ লগত মত বিনিময় কৰি বিভিন্ন দিহা পৰামৰ্শ বিদ্যালয় কৰ্তৃপক্ষলৈ আগবঢ়ায় জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

লগতে পঢ়ক: ইংৰাজী ভাষাৰ প্ৰশ্ন কাকতৰ বিৰোধীতাৰে গুণোৎসৱ বৰ্জন

Last Updated : Jan 13, 2024, 9:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.