ETV Bharat / state

আলহী পক্ষীৰ কোলাহলত পুৱাৰ ৰ’দে ৰিঙিয়াইছে মাগুৰি বিলক

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 7:59 PM IST

আকৌ এবাৰ পক্ষীৰ কোলাহলত প্ৰাণ পাইছে মাগুৰি বিলে ৷ কিয়নো শীতৰ আগমনৰ লগে লগে দেশী-বিদেশী পক্ষীৰে ভৰিছে তিনিচুকীয়াৰ পক্ষীবিল মতাপুং মাগুৰি বিল ৷ এই বিদেশী আলহী পক্ষীকুলৰ নৃত্য-ভংগীমা চাবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ উপৰিও জাৰ্মান, জাপান, ইংলেণ্ড, আমেৰিকা, ফ্ৰান্সৰ পৰাও বহু লোকৰ আগমন ঘটা দেখিবলৈ পোৱা যায় (Migratory birds flock) ৷

Migratory birds flock in Tinsukia Maguri Motapung Beel
পক্ষীৰ কোলাহলত প্ৰাণ পাইছে মাগুৰী বিলে
আলহী পক্ষীৰ কোলাহলত পুৱাৰ ৰ’দে ৰিঙিয়াইছে মাগুৰি বিলক

তিনিচুকীয়া, ২৩ নৱেম্বৰ : মতাপুং মাগুৰি বিল ৷ দেশী-বিদেশী পক্ষীৰ কোলাহলত পুৱাৰ ৰ’দে ভূমুকি মাৰিছে মাগুৰি বিলৰ দিশে ৷ শীতৰ আগমনৰ লগে লগেই পক্ষীবিল মতাপুং মাগুৰি বিললৈ জাকে জাকে আগমন ঘটিছে দেশী বিদেশী আলহী পক্ষীৰ ৷ কিয়নো শীতকাল আহিলেই নানা পৰিভ্ৰমী চৰাইয়ে ভিৰ কৰেহি এই বিলখনত ৷

বাণিজ্যিক চহৰ তিনিচুকীয়াৰ প্ৰায় ৯ কিলোমিটাৰ নিলগত অৱস্থিত আলহী পক্ষীৰ স্বৰ্গভূমি হিচাবে খ্যাত বিশ্ববিখ্যাত মতাপুং মাগুৰি বিল ৷ বাৰেকুৰি, বাঘজান আৰু নতুন গাঁৱৰ মাজভাগত অৱস্থিত মতাপুং মাগুৰি বিলে পৰ্যটনৰ ক্ষেত্ৰত তিনিচুকীয়া জিলাক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে ।

জৈৱ-বৈচিত্ৰৰে ভৰপূৰ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা প্ৰায় ১০ কিল'মিটাৰ ব্যাসাৰ্ধৰ এই বৃহৎ বিলখনলৈ সম্প্ৰতি চাইবেৰিয়া, ৰাছিয়া, নৰ’ৱে, ইংলেণ্ড, জাপান, টুন্দ্ৰা, লাডাখ ইত্যাদি ঠাইৰ পৰা Baikal Teal, Eastem Spot Billed Duck, Mallard, Tufted Duck ইত্যাদি ৩০১ বিধৰো অধীক দেশী-বিদেশী পক্ষীৰ আগমন ঘটিছে । অজস্ৰ পক্ষীৰ কোৰ্হালত প্ৰাণচঞ্চল হৈ পৰিছে মতাপুং মাগুৰি বিলখন ।

বিভিন্ন প্ৰজাতিৰ স্থানীয় পক্ষীৰ লগতে পৰিভ্ৰমী পক্ষীয়ে বিচৰণ কৰে এই বিলখনত ৷ বছৰৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ পৰা প্ৰায় মাৰ্চ-এপ্ৰিল মাহলৈকে এই বিলখনত বিদেশী পক্ষীয়ে বিচৰণ কৰে । অৱশ্যে স্থানীয় পক্ষীসমূহ বছৰৰ সকলো সময়তে বিলখনত বিচৰণ কৰি থকা দেখিবলৈ পোৱা যায় ।

বিগত দুটাকৈ বৰ্ষত পৃথিৱী বিখ্যাত পৰিভ্ৰমী চৰাই 'মেণ্ডাৰিন ডাক’ অথবা সুন্দৰী পক্ষীও বিলখনত দেখা পোৱা গৈছিল । এই পৰিভ্ৰমী চৰাইৰ মনোমোহা লয়লাস প্ৰত্যক্ষ কৰিবলৈ মতাপুং বিললৈ দূৰ-দূৰণিৰ পৰা আহে বহু প্ৰকৃতিপ্ৰেমী । মুক্ত মনেৰে বিচৰণ কৰি ফুৰা পক্ষী কূলৰ নৃত্য-ভংগীমাই আকৰ্ষণ কৰে সকলোকে ৷

২৭৹৩৪'৪৯.৯২" ৰ পৰা ২৭৹৩৪'৩৪.৯৮" উত্তৰ অক্ষাংশ লৈ আৰু ৯৫৹২১'৩৭.৬৮" ৰ পৰা ৯৫৹২৪'১১.৩৯" পূৰ্ব দ্ৰাঘিমাংশলৈ বিস্তৃত মতাপুং মাগুৰি বিলক IBA (Important Bird Area) হিচাপে Birdlife International and Bombay Natural History Society নামৰ বেচৰকাৰী সংস্থাই স্বীকৃতি প্ৰদান কৰিছে । বিলখনক শেহতীয়াকৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ সংমণ্ডলৰ পৰিৱেশ সংবেদনশীল অঞ্চল (Eco Sensitive Zone) হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে, এই বিলখনৰ কাষৰ ঘাঁহনিত দেখিবলৈ পোৱা যায় মাৰ্শ বাবলাৰ, ছোৱাম্প প্ৰিনিয়া, ব্লেক ব্ৰেষ্টটেড পেৰটবিল, জেৰ্ডন'ছ বাবলাৰ, ছোৱাম্প ফ্ৰিনকলিন - এই পাঁচবিধ বিপদাপন্ন প্ৰজাতিৰ চৰাই ৷ সেয়ে পৃথিৱীৰ আৰু ক'তো দেখিবলৈ নোপোৱা এই পাঁচবিধ বিপদাপন্ন প্ৰজাতিৰ চৰাই চাবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ উপৰিও জাৰ্মান, জাপান, ইংলেণ্ড, আমেৰিকা, ফ্ৰান্সৰ পৰাও পক্ষী নিৰিক্ষকসকল আহে ৷

এতিয়া গাঁওখনৰ কিছুসংখ্যক সচেতন লোক তথা প্ৰকৃতিপ্ৰমীয়ে নিঃস্বাৰ্থভাৱে বিলখনৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত নিজা কিছু পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে ৷ কিন্তু বৰ্তমানেও এই বিলখনৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত কৰিবলগীয়া বহু কৰণীয় আছে চৰকাৰ তথা পৰ্যটন বিভাগৰ ।

মেটেকা, পদুম ফুল, ভেট ফুলকে আদি কৰি বিভিন্ন জলজ উদ্ভিদেৰে পৰিপূৰ্ণ এই সমগ্ৰ বিলখনৰ এক অন্য পৰিৱেশে সকলোকে মন্ত্ৰমুগ্ধ কৰে । গতিকে চৰকাৰ তথা পৰ্যটন বিভাগে যদি গুৰুত্বসহকাৰে পদক্ষেপ গ্ৰহণ কৰে তেন্তে এই মতাপুং মাগুৰি বিলে বিশ্বৰ পৰ্যটনৰ মানচিত্ৰত এক অন্য মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰিছে প্ৰকৃতিপ্ৰেমীসকলে ৷

লগতে পঢ়ক : ৯১ বছৰ গৰকিলে চিৰ তৰুণ কথাশিল্পী ইমৰান শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.