ETV Bharat / state

বেচৰকাৰী সংস্থাৰ হাতলৈ গ'ল মধ্যাহ্ন ভোজন আঁচনিঃ ৰাজ্যজুৰি ৰন্ধন কৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Oct 1, 2019, 10:22 PM IST

Updated : Oct 1, 2019, 10:48 PM IST

অসমত মধ্যাহ্ন ভোজন আচঁনিখন বৰ্তমান বেচৰকাৰী সংস্থাক গতোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷ উক্ত সিদ্ধান্ত কৰ্যকৰী কৰিলে ২০০৫ চনৰ পৰা কাম কৰি অহা ৰন্ধন কৰ্মীসকলে হেৰুৱাৱ লাগিব চাকৰি ৷

মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰী সংস্থাক গটোৱাক লৈ ৰাজ্যজুৰি ৰন্ধন কৰ্মীৰ প্ৰতিবাদ

ধেমাজি, তিনিচুকীয়া, চিৰাঙ, 1 অক্টোবৰঃ ধেমাজিত ৰন্ধন কৰ্মীৰ প্ৰতিবাদ ৷ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত মঙলবাৰে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ জিলাখনৰ দুই শতাধিক প্ৰতিবাদীয়ে এন জি অ’ গ’ বেক , এন জিঅ হায় হায় , ৰন্ধন কৰ্মীৰ মজুৰি আদায় দিয়ক আদি শ্লগানেৰে উত্তাল কৰি তোলে উপায়ুক্তৰ কাৰ্যালয় ৷ সংগঠনটোৰ অভিযোগ অনুসৰি অসমত মধ্যাহ্ন ভোজন আচঁনিখন বৰ্তমান বেচৰকাৰী সংস্থাক গতোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷ উক্ত সিদ্ধান্ত কৰ্যকৰী কৰিলে ২০০৫ চনৰ পৰা কাম কৰি অহা ৰন্ধন কৰ্মীসকলে হেৰুৱাৱ চাকৰি ৷ সেয়ে এই হঠকাৰী সিদ্ধান্ত বাতিল কৰা আৰু আৰু মাননি বৃদ্ধিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৰন্ধন কৰ্মীসকলে ৷

ধেমাজিৰ সমান্তৰালকৈ চিৰাঙতো মধ্যাহ্ন ভোজন কৰ্মী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কাজলগাঁও বজাৰ প্ৰাঙ্গণৰ পৰা সহস্ৰাধিক ৰন্ধন কৰ্মীয়ে সমদল উলিয়াই তেওঁলোকৰ দাবী সম্বলিত শ্লোগানেৰে জিলা সৰ্বশিক্ষা কাৰ্যালয়ৰ প্ৰাঙ্গন উত্তাল কৰি তোলে ৷ ৰন্ধনকৰ্মী সকলৰ দৈনিক মজুৰি ৬০০ টকালৈ ধাৰ্য কৰা, ৰন্ধন কৰ্মী সকলক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰা আদি কেইবাটাও দাবী উত্থাপন কৰে প্ৰতিবাদকৰীসকলে ৷ পৰবৰ্ত্তী সময়ত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে চিৰাং জিলা সমিতিৰ পৰা সৰ্বশিক্ষা DMC ৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ চৰকাৰে তেওঁলোকৰ আন্দোলনক গুৰুত্ব আৰোপ নকৰি মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰী সংস্থাৰ হাতত গটোৱাৰ যি প্ৰস্তুতি চলাইছে, সেইটো কাৰ্যকৰী হ’লে মধ্যাহ্ন ভোজন যোগানকাৰী বেচৰকাৰী সংস্থাৰ বাহন জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰে প্ৰতিবাদকৰী সকলে ৷

মঙ্গলবাৰে তিনিচুকীয়াতো প্ৰতিবাদ সাব্যস্ত কৰে তিনিচুকীয়া জিলাৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী উনিয়ণৰ ৰন্ধনকৰ্মী সকলে ৷ ৰন্ধন কৰ্মীসকলে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত অভিনৱ ধৰনেৰে কাঁহী বাতি বজাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰায় দুই শতাধিক ৰন্ধনকৰ্মীয়ে থানাচাৰিআলি পৰ্যন্ত সমদল কৰি মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে অতিশীঘ্ৰে চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে জংগী আন্দোলন কৰাৰো হুংকাৰ প্ৰদান কৰে ৷

উল্লেখযোগ্য যে, প্ৰাথমিক বিদ্যালয়ৰ শিশুসকলক সতেজ পুষ্টিকৰ দুপৰীয়াৰ আহাৰৰ পৰা বঞ্চিত কৰাৰ লগতে মধ্যাহ্ন ভোজন আঁচনিত কৰ্মৰত দৰিদ্ৰ ৰন্ধনকৰ্মীসকলক বঞ্চিত কৰি আঁচনিখন বেচৰকাৰী সংস্থা কিছুমানক গতোৱাৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধেই সমগ্ৰ ৰাজ্যৰ ৰন্ধন কৰ্মীসকলে উক্ত প্ৰতিবাদী কৰ্যসূচীৰ ৰূপায়ন কৰে ৷

Intro:ধেমাজিত ৰন্ধন কমী’ৰ প্ৰতিবাদ
Body:ধেমাজিত ৰন্ধন কমী’ৰ প্ৰতিবাদ

ধেমাজি , ১ অক্টোবৰ : সদৌ অসম মধ্যাহ্ন ভোজন কম’চাৰী ইউনিয়নৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত মংগলবাৰে ধেমাজি জি লা উপায়ুক্ত কায’ালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ জিলাখনৰ দুই শতাধিক প্ৰতিবাদীয়ে এন জিঅ গ’ বেক , এন জিঅ হায় হায় , ৰন্ধন কমী’ৰ মজুৰি আদায় দিয়ক , আদি শ্লগানেৰে উত্তাল কৰি তোলে ৷ সংগঠনটোৰ অভিযোগ মতে অসমত মধ্যাহ্ন ভোজন আচঁনিখন বত’মান বেচৰকাৰী সংস্থা অথাৎ এন জি অ ক গতাব বিচৰা হঠকাৰী সিদ্ধান্ত তী ব্ৰ অসন্তুষ্ট হৈ পৰিছে ৷চৰকাৰে এনে সিদ্ধান্ত গ্ৰহন কৰিলে ২০০৫ চনৰ পৰা কাম কৰি অহা ৰন্ধন কমী’সকলে হেৰুৱাব কাম ৷ ইয়াৰ বিৰুদ্ধে সংগঠনটোৱে বাৰাম্বাৰ আন্দোলন কৰি অহাৰ পিছতো চৰকাৰে আওকান কৰি আহিছে ৷ সেয়ে এই হঠকাৰী সিদ্ধান্ত বাতিল কৰা আৰু আৰু মাননি বৃদ্ধিৰ দাবীত এই প্ৰতিবাদী কায’সুচী ৰূপায়ণ কৰে

byte,

Pradunya Bharali , Dhemaji
. Assam , 1/10/2019Conclusion:
Last Updated : Oct 1, 2019, 10:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.