তিনিচুকীয়া, ৪ এপ্ৰিল: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াৰ পৰ্বতীয়াস্থিত সমগ্ৰ শিক্ষা বিভাগৰ কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ তিনিচুকীয়া জিলা কমিটীয়ে হাতত কাঁহী, হেতা লৈ প্ৰতিবাদ সাব্যস্ত কৰে (Mid Day Meal workers protest in Tinsukia) ৷ প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে পূৰণ নকৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সঁকীয়াই দিয়ে ।
উক্ত প্ৰতিবাদৰ জৰিয়তে প্ৰতিমাহৰ প্ৰথম সপ্তাহত আগৰ মাহৰ মাননি নিয়মীয়াকৈ আৰু সম্পূৰ্ণ আদায় দিয়া আৰু সমস্ত বকেয়া মাননি অতি শীঘ্ৰে আদায় দিয়াৰ দাবী উত্থাপন কৰে ৷ প্ৰতিবাদৰ সময়ত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন তিনিচুকীয়া জিলা কমিটীৰ নেতৃত্বই কয় যে, ইমান সামান্য পৰিমানৰ মাননিৰে কাম কৰিবলৈ বাধ্য হোৱা ৰন্ধন কৰ্মীসকল অত্যন্ত দুখীয়া ঘৰৰ লোক (Mid Day Meal workers protest) ।
এই ৰন্ধন কৰ্মীসকলে দিনটোৰ ৫-৬ ঘন্টা কাম কৰি কেৱল শিক্ষাৰ্থী সকলক দুপৰীয়াৰ আহাৰ যোগান ধৰাই নহয়, যিহেতু প্রাথমিক বিদ্যালয়ত চকীদাৰ, পিয়ন, চাফাই কর্মী নাই, সেইবোৰৰ দায়িত্বও পালন কৰি আহিছে । গুণোৎসৱত ৰন্ধন কৰ্মীসকলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । আনকি এজনীয়া বা দুজনীয়া শিক্ষক থকা কিছুমান বিদ্যালয়ত শিক্ষিত ৰন্ধন কৰ্মীয়ে শিক্ষকৰ ভূমিকাও পালন কৰে । অথচ অৰুণোদয়ৰ দৰে আঁচনিৰ পাচত আঁচনি ঘোষণা কৰি ধন বিতৰণ কৰি থকা চৰকাৰে ৰন্ধনকৰ্মীসকলৰ মাননি নিয়মীয়াকৈ বা সময়মতে প্ৰদান নকৰে ।
অতি সোনকালে ৰন্ধনকৰ্মীসকলৰ সমস্যাসমূহ সমাধান নকৰিলে অনাগত দিনত ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি সঁকীয়াই দিয়ে ৷ পৰৱৰ্তী সময়ত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন তিনিচুকীয়া জিলা কমিটীৰ কাৰ্যকৰী সভাপতি সঞ্জয় বাৰী, সভাপতি মালা ডেকা আৰু সম্পাদিকা বন্দিতা সোণোৱাল স্বাক্ষৰিত এখন স্মাৰকপত্ৰ শিক্ষামন্ত্ৰী ডাঃৰণোজ পেগু লৈ প্ৰেৰণ কৰে ৷ এই স্মাৰকপত্ৰখনৰ জৰিয়তে প্ৰতিমাহৰ প্ৰথম সপ্তাহত আগৰ মাহৰ মাননি নিয়মীয়াকৈ আৰু সম্পূৰ্ণ আদায় দিয়া আৰু সমস্ত বকেয়া মাননি অতিশীঘ্ৰে আদায় দিয়াৰ দাবী জনায় সংগঠনটোৱে ৷
লগতে পঢ়ক:Delimitation of BKKAC constituencies: বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদৰ সমষ্টি গঠন প্ৰক্ৰিয়া আৰম্ভ