ETV Bharat / state

লাইকা দধিয়াবাসীৰ কাষত উপস্থিত ৰাইজৰ দলৰ প্ৰতিনিধি

লাইকা-দধিয়া অঞ্চলৰ প্ৰায় ১,৪৮০ টা পৰিয়ালে পুনৰ সংস্থাপন আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃতাৰ্থত ৰাষ্ট্ৰীয় উদ্যানৰূপে গঢ়ি তোলাৰ দাবীত বিগত ২৫ দিনৰ পৰা ধাৰাবাহিকভাৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷

author img

By

Published : Jan 15, 2021, 6:29 PM IST

Member of raijor dol were present near by Laika dadhiya people
লাইকা দধিয়াবাসীৰ কাষত উপস্থিত ৰাইজৰ দলৰ প্ৰতিনিধি

তিনিচুকীয়া,15 জানুৱাৰী : অসমীয়াৰ বাপতি সহোন ভোগালী বিহুৰ মাজতো নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত প্ৰতিবাদ অব্যাহত ৰখা তিনিচুকীয়াৰ লাইকা দধিয়াবাসী ৰাইজৰ কাষত শুকুৰবাৰে উপস্থিত হয় ৰাইজৰ দলৰ প্ৰতিনিধি ৷ ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিগন্ত চাংমাই,ডিব্ৰুগড় জিলাৰ সম্পাদক বিপিন কোঁৱৰৰ লগতে জিলাখনৰ বহুকেইগৰাকী বিষয়ববীয়া মিলিত হৈ যোৱা প্ৰতিনিধিৰ দলটোৱে প্ৰতিবাদকাৰী ৰাইজৰ লগত মত বিনিময় কৰি সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয় ।

উল্লেখযোগ্য যে,লাইকা-দধিয়া অঞ্চলৰ প্ৰায় ১,৪৮০ টা পৰিয়ালে পুনৰ সংস্থাপন আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃতাৰ্থত ৰাষ্ট্ৰীয় উদ্যানৰূপে গঢ়ি তোলাৰ দাবীত বিগত ২৫ দিনৰ পৰা ধাৰাবাহিকভাৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ প্ৰতিবাদকাৰীসকলে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত বৰগুৰিৰ জানমুখ লেজাইহুলাৰ এডোখৰ চৰকাৰী ভূমিত অস্থায়ী শিৱিৰ পাতি এই প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ ৰাইজৰ দলৰ প্ৰতিনিধিসকলে প্ৰতিবাদত অংশ লৈ লাইকা দধিয়াবাসীকলৈ কোনো ধৰণৰ প্ৰলোভনৰ ৰাজনীতি নকৰিবলৈ চৰকাৰক সকীয়াই দিয়ে ।

লগতে পঢ়ক : সীমা বিবাদ: অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.