তিনিচুকীয়া, 28 জুন: মটক জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত তিনিচুকীয়াত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মঙলবাৰে তিনিচুকীয়া জিলা সমিতিৰ আহ্বান মৰ্মে ডুমডুমা, কাকপথাৰ আৰু ডিৰাক আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৱে ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷
মটক জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, মটক জনগোষ্ঠীক পূৰ্ণ স্বায়ত্ব শাষিত্ব পৰিষদ প্ৰদান কৰা, তিনিচুকীয়া জিলাৰ ঐতিহাসিক কীৰ্তি চিহ্নসমূহ দখলমুক্ত কৰাৰ লগতে সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্দ্ধনৰ ব্যৱস্থা কৰা, চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা, ডিৰাক চুমনি মথাউৰিৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰাৰ বাবে দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ ইয়াৰোপৰি ডিৰাক, কাকপথাৰ, ডুমডুমা অঞ্চলৰ গ্ৰাম্য পথসমূহ পকীকৰণৰ ব্যৱস্থা কৰা, ডুমডুমা অঞ্চলত এখন চৰকাৰী উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ লগতে মুঠ 13 টা দাবীৰে সংগঠনটোৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
তিনি ঘণ্টীয়া উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷ লগতে অতি সোনকালে উল্লেখিত দাবীসমূহ যদি সমাধান নকৰে তেন্তে আগন্তুক দিনত তীব্ৰতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে মটক যু্ৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জিণ্টু বৰগোহাঁইয়ে ।
লগতে বৰগোঁহাইয়ে অভিযোগ উত্থাপন কৰি কয় যে তিনিচুকীয়া জিলাৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ অৱস্থিত ঠাইসমূহ একাংশই বেদখল কৰি থকাৰ পিচতো আজিলৈ তাত চৰকাৰে কোনোধৰণৰ উচ্ছেদ চলোৱা নাই ৷ তাৰোপৰি তিনিচুকীয়া পৌৰ নিগমে সেই ঠাইসমূহত অবৈধভাৱে দোকান-পোহাৰ খোলাই তাৰ পৰা অবৈধভাৱে কৰ সংগ্ৰহ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে ৷
লগতে পঢ়ক: Assam village pathetic road condition:কাৰ ভুলৰ শাস্তি ভূগিছে মৰাণ সমষ্টিৰ ঠেঙাল গাঁওবাসীয়ে ?