ETV Bharat / state

সাংবাদিক বিজন দ্বীপ তাঁতী হত্যাকাণ্ডৰ মূল অভিযুক্তক আটক

author img

By

Published : Aug 10, 2020, 12:50 AM IST

আৰক্ষীৰ জালত সাংবাদিক বিজন দ্বীপ তাঁতী হত্যাকাণ্ডৰ মূল অভিযুক্ত ৷ নিশা সাংবাদিকগৰাকীৰ কাৰ্যালয়তে এডাল কেবলেৰে ডিঙিত মোৰিয়াই হত্যা কৰিছিল এগৰাকী যুৱতীয়ে ৷ ঘটনাৰ 24 ঘন্টাৰ ভিতৰতে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত যুৱতীগৰাকীক ৷

tinsukia murder
tinsukia murder

তিনিচুকীয়া,৯ আগষ্ট : তিনিচুকীয়াৰ সাংবাদিক হত্যাৰ ঘটনাত জড়িত মূল অভিযুক্তক আটক তিনিচুকীয়া আৰক্ষীৰ ৷ তিনিচুকীয়া ফিল’বাৰী পুৰণা বজাৰৰ যুৱতী আছলতী বাগ নামৰ এগৰাকী মহিলাই হত্যা কৰিছিল সাংবাদিক বিজন দ্বীপ তাঁতীক ৷ তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ নেতৃত্বত চলা তাৎক্ষণিক তদন্তই সাংবাদিক বিজন দ্বীপ তাঁতীক হত্যা কৰা মূল অভিযুক্তগৰাকীক আটক কৰিবলৈ সক্ষম হয় ৷

tinsukia murder
বিজন দ্বীপ তাঁতী হত্যাকাণ্ডৰ মূল অভিযুক্ত

শনিবাৰে ন-পুখুৰীৰ কাৰ্যালয়ত সাংবাদিক গৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাচতেই আৰক্ষীয়ে বিশেষ শুংসূত্ৰ লাভ কৰি সন্ধিয়াই ফিল’বাৰীৰ পৰা আছলতী বাগ আৰু ভগ্নি নিতু বাগক আটক কৰি মাৰথান জেৰা চলায় ৷ আৰক্ষীৰ জেৰাত হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা অভিযুক্ত আছলতী বাগে আৰক্ষীৰ আগত স্বীকাৰ কৰে ৷

তিনিচুকীয়াৰ সাংবাদিক হত্যাৰ মূল অভিযুক্তক আটক

৬ আগষ্টত সাংবাদিক গৰাকীৰ কাৰ্যালয়লৈ আহি নিশা ১১ বজাত এডাল কেবলেৰে ডিঙিত মেৰিয়াই বিজন দ্বীপক তাঁতীক হত্যা কৰি গোটেই নিশা মৃতদেহৰ লগতে আছিল আছলতী বাগ ৷ হত্যাকাণ্ড সংঘটিত কৰি ৭ আগষ্টৰ পুৱাই কাৰ্যালয়ৰ পৰা ফিল’বাৰীলৈ গুছি গৈছিল যুৱতী গৰাকী ৷

ইতিমধ্যে জেৰাৰ অন্তত আছলতী বাগক পাঁচ দিনৰ বাবে আৰক্ষীয়ে ন্যায়িক জিম্মাত লৈ ভগ্নি নিতু বাগক যাবলৈ দিছে ৷ আছলতী বাগে কিয় বিজন দ্বীপক হত্যা কৰিলে সেয়া তদন্তৰ ক্ষাতিৰত সাংবাদিকক জনোৱাৰ পৰা বিৰত থাকে আৰক্ষী ৷

আৰক্ষীৰ জালত সাংবাদিক বিজন দ্বীপ তাঁতী হত্যাকাণ্ডৰ মূল অপৰাধী

ইপিনে হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা শেষ হোৱা দিশে গতি কৰা বুলি দেওবাৰে তিনিচুকীয়া সদৰ থানাত এক সংবাদমেল সম্বোধন কৰি স্পষ্ট কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিয়ে ৷ আনহাতে তিনিচুকীয়া আৰক্ষীয়ে তাৎক্ষণিক তদন্তই মূল অপৰাধীক আটক কৰা ঘটনাক সকলোৱে শলাগ লৈছে ৷

লগতে পঢ়ক : ভুল চিকিৎসাৰ বাবেই মৃত্যু হৈছিল আৰক্ষী কনিষ্টবল লক্ষেশ্বৰ হাজৰিকাৰ ! পুত্ৰৰ বিস্ফোৰক অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.