ETV Bharat / state

Master Chef India winner 2023 : স্ব-ভূমিত নয়নজ্যোতিক উষ্ম আদৰণি - A warm welcome to Nayanjyoti in Assam

মাষ্টাৰ চেফ ইণ্ডিয়াৰ খিতাপ লাভ কৰাৰ পাছতে স্ব-গৃহত উপস্থিত নয়নজ্যোতি শইকীয়া (A warm welcome to Nayanjyoti in Assam)। বিমানবন্দৰৰ পৰাই শোভাযাত্ৰাৰে শ শ লোকে আদৰণি জনালে । জন্মস্থান তিনিচুকীয়া জিলাৰ গোবিন্দপুৰত উৎসৱমুখৰ পৰিৱেশ । ৰাজহুৱাভাৱে মাষ্টাৰ চেফ নয়নজ্যোতিক সম্বৰ্ধনা ।

Master Chef India winner 2023
স্ব-ভূমিত নয়নজ্যোতিক উষ্ম আদৰণি
author img

By

Published : Apr 1, 2023, 4:01 PM IST

স্ব-ভূমিত নয়নজ্যোতিক উষ্ম আদৰণি

তিনিচুকীয়া, ১ এপ্ৰিল : বিহুলৈ মাজত প্ৰায় দুসপ্তাহ বাকী আছে । কিন্তু তাৰ পূৰ্বেই তিনিচুকীয়া জিলাৰ গোবিন্দপুৰবাসীৰ গাত আগতীয়া বিহু লাগিছে । ইয়াৰ কাৰণ নয়নজ্যোতি শইকীয়া । নেশ্যনেল টেলিভিছনৰ মাষ্টাৰ চেফ ইণ্ডিয়া শীৰ্ষক এক ৰন্ধন ৰিয়েলিটী শ্ব'ত খিতাপ অৰ্জন কৰিছে তিনিচুকীয়া জিলাৰ গোবিন্দপুৰৰ যুৱক নয়নজ্যোতি শইকীয়াই (Master chef winner Nayanjyoti Saikia)।

খিতাপ অৰ্জন কৰি স্বগৃহত উপস্থিত হোৱাৰ পাছতে সমগ্ৰ অঞ্চলটোত আনন্দ উল্লাহে বিৰাজ কৰিছে । ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা গাঁৱৰ যুৱকক আদৰিবলৈ ব্যাপক আয়োজন গাঁওবাসীৰ (Master chef Nayanjyoti received grand welcome)।

উল্লেখ্য যে তিনিচুকীয়া জিলাৰ গোবিন্দপুৰৰ অৰূপ শ‌ইকীয়া আৰু তুলিকা শ‌ইকীয়াৰ পুত্ৰ নয়নজ্যোতিয়ে ইতিমধ্যে ৰিয়েলিটি শ্ব'টোৰ ফাইনেলত জয়লাভ কৰি দেশজুৰি চৰ্চা লাভ কৰিছে । ইফালে চূড়ান্ত প্ৰতিযোগিতাত হাঁহ আৰু কোমোৰাৰ ব্যঞ্জন ৰান্ধি বিচাৰকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল নয়নজ্যোতিয়ে ৷ খিতাপ অৰ্জনৰ পাছত পুৱাই বিমানেৰে আহি নয়নজ্যোতি মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় (Master chef India season 7 winner)।

নয়নজ্যোতি উপস্থিত হোৱাৰ পাছতে গায়ন-বায়ন, বিহুদল আৰু ৰাইজে তেওঁক উষ্ম আদৰণি জনায় ৷ পৰৱৰ্তী সময়ত তিনিচুকীয়াৰ জন্মভূমি গোবিন্দপুৰত বিশাল শোভাযাত্ৰাৰে নয়নজ্যোতিক আদৰি অনা হয় । লগতে ৰাজহুৱাকৈ সম্বৰ্ধনাও জ্ঞাপন কৰে নয়নজ্যোতিক (Felicitation of Nayanjyoti Saikia) ৷ সংবাদমাধ্যমৰ আগত নয়নজ্যোতিয়ে জনোৱা মতে গুৱাহাটীলৈ বি.টেক পঢ়িবলৈ গৈ নয়নজ্যেতিয়ে ভাৰাঘৰতে ৰন্ধা-বঢ়াৰ প্ৰতি আকৰ্ষিত হৈছিল । পাছলৈ ই এক নিচালৈ পৰিণত হয় ।

বিভিন্ন ধৰণৰ খাদ্যসম্ভাৰৰ কিতাপ পঢ়ি নয়নজ্যোতিয়ে সুস্বাদু ব্যঞ্জন ৰান্ধিবলৈ আৰম্ভ কৰিলে নয়নজ্যোতিয়ে । এই আগ্রহ বুকুত লৈয়ে নয়নজ্যোতিয়ে নেশ্যনেল টেলিভিছনৰ মাষ্টাৰ চেফ ইণ্ডিয়া ৰিয়েলিটী শ্ব'টোত অডিচ'ন দিছিল (Master chef India 2023)। কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈয়ে কেৱল নিজৰ প্ৰচেষ্টাৰে ব্যঞ্জন প্ৰস্তুত কৰি অৱশেষত ভাৰত তথা বিশ্বৰ জনপ্ৰিয় চেফ বিকাশ খান্নাকো মোহিত কৰিবলৈ সক্ষম হৈছিল । নয়নজ্যোতিৰ বাসগৃহত উপস্থিত হৈ চেফ বিকাশ খান্নাই অসমীয়া খাদ্যৰো জুতি লৈছিল ।

ইফালে ৰিয়েলিটী শ্ব'টোত আলু পিটিকা, কলডিল আৰু কুকুৰা মাংসৰ জোল, হাঁহৰ মাংসৰ লগত কোমোৰা আদি অসমীয়া থলুৱা খাদ্য প্ৰস্তুত কৰি অসমীয়া খাদ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিশেষ উদগনি যোগাইছে নয়নজ্যোতিয়ে (Master chef India 2023 finalist)। অভিযন্তাৰ শিক্ষা গ্ৰহণ কৰা নয়নজ্যোতিয়ে ৰন্ধনত আগ্ৰহী হৈ এনেদৰে অসমৰ নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত আনন্দিত তিনিচুকীয়াবাসী । নয়নজ্যোতিৰ পৰিয়ালৰ মাজতো আনন্দ উল্লাহ ।

লগতে পঢ়ক :MasterChef India 7: অসমীয়া খাদ্যৰে দেশবাসীৰ মন জয় কৰা নয়নজ্যোতি শইকীয়া পালেহি স্ব-ভূমি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.