ETV Bharat / state

তিনিচুকীয়াত অগ্নিকাণ্ডত জাহ গ'ল তিনিটাকৈ অধিক গুদাম - tinisukia fire

তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড ৷ জুইত জাহ গ'ল তিনিটাতকৈও অধিক গুদাম ৷ তিনিচুকীয়া চহৰৰ দাঁতিকাষৰীয়া বালুগাডা অঞ্চলত অগ্নিকাণ্ডৰ সূত্ৰপাত ৷ প্ৰথমে বিটুমিনৰ এটা গুদামত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ গুদামটোত অবৈধভাৱে টাৰ্পলিন আৰু ইলাচি মজুত ৰখাৰ সন্দেহ ৷

massive fire engulfed three godown in tinisukia

author img

By

Published : Feb 7, 2021, 2:26 PM IST

তিনিচুকীয়া, 7 ফেব্ৰুৱাৰী: দেওবাৰে পুৱাৰ ভাগতে তিনিচুকীয়া চহৰৰ দাঁতিকাষৰীয়া বালুগাডা অঞ্চলত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত তিনিটাতকৈও অধিক গুদাম জুইত জাহ যায় ৷ জানিব পৰা মতে, দেওবাৰে পুৱা পৱন চামৰিয়াৰ নামৰ এজন ব্যক্তিৰ গুদামত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ প্ৰথমে বিটুমিনৰ এটা গুদামত জুইৰ সূত্ৰপাত ঘটাৰ পাছতে কাষতে থকা অন্য গুদাম সমূহলৈও জুই বিয়পি পৰে ৷

massive fire engulfed three godown in tinisukia
প্ৰথমে বিটুমিনৰ এটা গুদামত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়

উল্লেখ্য যে, অগ্নিৰ সূত্ৰপাত হোৱা গুদামটো পৱন চামৰিয়া নামৰ এজন ব্যক্তিৰ বুলি জানিব পৰা গৈছে ৷ স্থানীয় ৰাইজে চামৰিয়াৰ গুদামটোত অবৈধভাৱে টাৰ্পলিন আৰু ইলাচি মজুত ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ জুইয়ে পলকতে গুদামসমূহ আগুৰি পেলোৱাৰ পাছৰ পৰ্যায়ত অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰায় পাঁচ খনকৈ বাহনে অৱশেষত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷

গুদামটোত অবৈধ ভাবে টাৰ্পলিন আৰু ইলাচি মজুত ৰখাৰ সন্দেহ

মন কৰিব লগীয়া যে, বিগত সময়চোৱাত স্থানীয় ৰাইজে গুদামটোৰ পৰা উলোৱা দুৰ্গন্ধৰ বাবে কেইবাবাৰো অভিযোগ উত্থাপন কৰি অবৈধভাৱে চলোৱা গুদামটো বন্ধ কৰাৰ দাবী জনাই আহিছে ৷ এই বিষয় সন্দৰ্ভত প্ৰশাসনিক বিষয়াকো অৱগত কৰি অহাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত স্থানীয় ৰাইজ এতিয়া ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে ৷

দেওবাৰে সংঘটিত অগ্নিকাণ্ডৰ কাৰণ এতিয়াও সঠিককৈ জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক:কলগাছিয়াৰ বালাগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.